
বেইজিং, ২৬ এপ্ৰিল (হি.স.)। চীন ভ্ৰমণৰ বাবে শনিবাৰে মাজনিশা চাংছাত উপস্থিত হয় পাকিস্তানৰ ৰাষ্ট্ৰপতি আছিফ আলী জাৰ্দাৰী। পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ৰ তথ্য অনুসৰি ৰাষ্ট্ৰপতিগৰাকীয়ে চাংছা আৰু ছানয়া ভ্ৰমণ কৰি প্ৰাদেশিক নেতৃত্বৰ সৈতে বাণিজ্য আৰু অৰ্থনীতিৰ সন্দৰ্ভত চৰ্চা কৰিব। এই ভ্ৰমণৰ মূল উদ্দেশ্য হৈছে চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰ (চিপিইচি)ৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি অৰ্থনৈতিক আৰু বাণিজ্যিক সম্পৰ্ক শক্তিশালী কৰা।
ৰাষ্ট্ৰপতি সচিবালয়ৰ এক বিবৃতি অনুসৰি জৰ্দাৰীক চাংছাত আদৰণি জনায় হুনান প্ৰাদেশিক জনসংখ্যা কংগ্ৰেছৰ স্থায়ী সমিতিৰ উপাধ্যক্ষ হু ঝুছেঙে বুলি জিঅ’ নিউজে প্ৰকাশ কৰিছে। এই উপলক্ষে চীনত থকা চীন আৰু পাকিস্তানৰ ৰাষ্ট্ৰদূতসকলো উপস্থিত থাকে। ৰাজ্যিক সম্প্ৰচাৰক পাকিস্তান টেলিভিছন নিগমৰ তথ্য অনুসৰি পঞ্জাৱৰ গৱৰ্ণৰ চৰ্দাৰ ছালিম হাইদৰে আল্লামা ইকবাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৰাষ্ট্ৰপতি জাৰ্দাৰীক বিদায় দিয়ে।
বৈদেশিক মন্ত্ৰালয়ে জনোৱা মতে, ৰাষ্ট্ৰপতি জৰ্দাৰীয়ে ২৫ এপ্ৰিলৰ পৰা ২৭ এপ্ৰিললৈ হুনান প্ৰদেশৰ চাংছা আৰু ২৮ এপ্ৰিলৰ পৰা ১ মে’লৈ হাইনান প্ৰদেশৰ ছানয়া ভ্ৰমণ কৰিব।এই সময়ছোৱাত জৰ্দাৰীয়ে প্ৰাদেশিক নেতৃত্বৰ সৈতে বৈঠকত মিলিত হ’ব। বৈদেশিক মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই ভ্ৰমণ পাকিস্তান আৰু চীনৰ মাজত উচ্চ পৰ্যায়ৰ আলোচনাৰ দীৰ্ঘদিনীয়া পৰম্পৰাৰ অংশ আৰু এইবাৰ দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰীয়া জয়ন্তী উদযাপনৰ সময়ত এই ভ্ৰমণৰ বিশেষ তাৎপৰ্য আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া