
নতুন দিল্লী, ২৬ এপ্ৰিল (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৮ আৰু ২৯ এপ্ৰিলত উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব । এই ভ্ৰমণৰ সময়ত তেওঁ বাৰাণসীত মহিলা সন্মিলনত অংশগ্ৰহণ কৰি প্ৰায় ৬,৩৫০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব । হৰদয়ত ৩৬,২৩০ কোটি টকা ব্যয়ৰে নিৰ্মিত গংগা এক্সপ্ৰেছৱেও উদ্বোধন কৰিব।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে উল্লেখ কৰিছে যে প্ৰধানমন্ত্ৰীয়ে অহা ২৮ এপ্ৰিলত সন্ধিয়া প্ৰায় ৫ বজাত বাৰাণসীত অনুষ্ঠিত হ’বলগীয়া মহিলা সন্মিলনত অংশগ্ৰহণ কৰি ৰাজহুৱা সভাত ভাষণ দিব। এই উপলক্ষে তেওঁ পথ বহল কৰা, ৰে’ল অভাৰব্ৰিজ, নলা পৰিশোধন প্লাণ্ট আদি বৃহৎ প্ৰকল্পকে ধৰি ১০৫০ কোটি টকাৰো অধিক মূল্যৰ ৪৮টা প্ৰকল্প উদ্বোধন কৰিব।
ইয়াৰ উপৰিও তেওঁ প্ৰায় ৫৩০০ কোটি টকাৰ ১১২টাতকৈও অধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ ভিতৰত আছে পানী যোগান আৰু নলা-নৰ্দমা আঁচনি, ৫০০ বিছনাযুক্ত বহুবিশেষ চিকিৎসালয়, পৰ্যটন উন্নয়ন, ঘাট পুনৰ উন্নয়ন, বিভিন্ন প্ৰশাসনিক কাঠামো। একেদিনাই প্ৰধানমন্ত্ৰীয়ে দুখন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’ল- বেনাৰস-পুনে আৰু অযোধ্যা-মুম্বাই অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লৰ ফ্লেগ অফ কৰিব।
পিছদিনা পুৱা ২৯ এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে কাশী বিশ্বনাথ মন্দিৰত দৰ্শন আৰু পূজা অৰ্চনা কৰিব। ইয়াৰ পিছত তেওঁ হৰদয়ত উপস্থিত হ’ব গংগা এক্সপ্ৰেছৱে উদ্বোধন কৰিবলৈ। ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই এক্সপ্ৰেছৱেই মীৰাট আৰু প্ৰয়াগৰাজৰ মাজৰ যাত্ৰাৰ সময় ১০-১২ ঘন্টাৰ পৰা প্ৰায় ৬ ঘণ্টালৈ হ্ৰাস কৰিব। এই প্ৰকল্পই ১২খন জিলাক সংযোগ কৰি ৰাজ্যত দ্ৰুতবেগী সংযোগৰ এক নতুন নেটৱৰ্ক গঢ়ি তুলিব।
এই এক্সপ্ৰেছৱেৰ এটা মূল বৈশিষ্ট্য হৈছে চাহজাহানপুৰৰ ৩.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ জৰুৰীকালীন বিমানবন্দৰ, যিটো কৌশলগতভাৱে গুৰুত্বপূৰ্ণ। ইয়াৰ উপৰিও এই প্ৰকল্পটোৱে ঔদ্যোগিক বিনিয়োগ, কৃষি আয়, লজিষ্টিক আৰু নিয়োগ বৃদ্ধি কৰাত সহায় কৰিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া