
নতুন দিল্লী, ২৬ এপ্ৰিল (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ আৰু ২৮ এপ্ৰিলত ছিকিম ভ্ৰমণ কৰি ৰাজ্যখনৰ ৫০ সংখ্যক ৰাজ্যিকত্ব বৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু ৪,০০০ কোটি ₹ৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তথ্য অনুসৰি ২৭ এপ্ৰিলৰ বিয়লি প্ৰায় ৩ বজাত তেওঁ গেংটকত উপস্থিত হ’ব। ২৮ এপ্ৰিলৰ পুৱা প্ৰধানমন্ত্ৰীয়ে গেংটকৰ অৰ্কিডেৰিয়াম পৰিদৰ্শন কৰিব, য’ত ৰাজ্যখনৰ জৈৱিক আৰু ফুলৰ ঐতিহ্য প্ৰদৰ্শনৰ বাবে অত্যাধুনিক ‘স্বৰ্ণজয়ন্তী মৈত্ৰী মাঞ্জৰী উদ্যান’ গঢ়ি তোলা হৈছে।
ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে গেংটকৰ পালজোৰ ষ্টেডিয়ামত ৫০ সংখ্যক ৰাজ্যিকত্ব বৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজহুৱা সভাত ভাষণ দিব। এই উপলক্ষে তেওঁ ৰাজ্যজুৰি ₹৪,০০০ কোটিৰো অধিক মূল্যৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহে আন্তঃগাঁথনি, সংযোগ, স্বাস্থ্য, শিক্ষা, শক্তি, নগৰ উন্নয়ন, পৰিৱেশ, পৰ্যটন, আৰু কৃষি আদি বিভিন্ন খণ্ডক উন্নীত কৰিব।
ইয়াৰ পিছতে নামচি জিলাৰ ইয়াংগাঙত ১০০খন বিছনাযুক্ত আয়ুৰ্বেদ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ উপৰিও তেওঁ এন আই টি দেওৰালিত ৩০খন বিছনাযুক্ত সংহত সোৱা-ৰিগপা চিকিৎসালয় উদ্বোধন কৰিব, যিয়ে পৰম্পৰাগত চিকিৎসা সেৱাৰ প্ৰচাৰ কৰিব।
প্ৰধানমন্ত্ৰীয়ে ছিকিম বিশ্ববিদ্যালয়ৰ স্থায়ী চৌহদ, নেতাজী সুভাষ চন্দ্ৰ বসু ইউনিভাৰ্চিটি অৱ এক্সেলেন্স, হেলেন লেপচা মেডিকেল কলেজ, ডেণ্টাম প্ৰফেচনেল কলেজৰ প্ৰশাসনিক ভৱন উদ্বোধন কৰিব। ইয়াৰ উপৰিও তেওঁ আদৰ্শ আৱাসিক বিদ্যালয়, নতুন ডিগ্ৰী কলেজ, আৰু মঠৰ হোষ্টেল-কম-ক্লাছৰুম উদ্বোধন কৰিব। লগতে ৰাজ্যৰ ১৬০খন বিদ্যালয়ত তথ্য-প্ৰযুক্তিভিত্তিক শিক্ষাৰ আন্তঃগাঁথনি প্ৰৱৰ্তন কৰা হ’ব।
সংযোগ সুদৃঢ় কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে তীস্তা নদীৰ ওপৰত দুখন ডাবল লেন ষ্টীল আৰ্ক দলঙৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বীৰধাঙৰ পৰা নামচিলৈ পথ বহল আৰু শক্তিশালীকৰণ প্ৰকল্প উদ্বোধন কৰিব। শক্তি খণ্ডত গেংটকত সংবহন আৰু বিতৰণ নেটৱৰ্কৰ উন্নীতকৰণৰ শুভাৰম্ভ কৰা হ’ব, যাৰ ফলত অধিক নিৰ্ভৰযোগ্য শক্তি যোগান নিশ্চিত কৰা হ’ব। নগৰ উন্নয়নৰ অধীনত লামচিৰ লোকসেৱা সচিবালয়, গেংটকৰ অসামৰিক সেৱা বিষয়া প্ৰতিষ্ঠান, আৰু বিভিন্ন গৃহ নিৰ্মাণ প্ৰকল্প উদ্বোধন কৰা হ’ব। এম জি মাৰ্গত সদভৱ পেভিলিয়নৰ আধাৰশিলাও স্থাপন কৰা হ’ব।
পৰিৱেশ সুৰক্ষাৰ অধীনত চিংটামৰ নলা ব্যৱস্থাৰ পুনৰ উন্নয়ন আৰু গাংটকৰ ৰাণী চু নদী প্ৰদূষণ নিয়ন্ত্ৰণ প্ৰকল্পৰ শুভাৰম্ভ কৰা হ’ব। পৰ্যটন খণ্ডত ৰিজ প্ৰিচিন্ক্টৰ পুনৰ উন্নয়ন, ছ’ৰেঙত ইক’ টুৰিজিম আৰু তীৰ্থযাত্ৰাৰ আন্তঃগাঁথনি, কৈলাশ মনছাৰোৱৰ যাত্ৰা সম্পৰ্কীয় সা-সুবিধা আৰু তীৰ্থযাত্ৰীৰ থকাৰ ব্যৱস্থা উদ্বোধন কৰা হ’ব। গ্যালশ্বিঙৰ ইক’-পিলগ্ৰিমেজ কমপ্লেক্সৰ আধাৰশিলাও স্থাপন কৰা হ’ব।
ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে ছিকিম ইফ্ফকো প্ৰচেছিং প্লাণ্ট উদ্বোধন কৰিব, যিয়ে কৃষি প্ৰক্ৰিয়াকৰণ আৰু কৃষকৰ আয় বৃদ্ধিত সহায় কৰিব। পাকয়ং জিলাত এটা ইনড’ৰ ক্ৰিকেট সুবিধাও উদ্বোধন কৰা হ’ব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া