
শোণিতপুৰ, ২৬এপ্ৰিল (হি.স.)। শোণিতপুৰ জিলাৰ মিছামাৰীত বন্যহস্তীৰ সন্ত্ৰাস। বনাঞ্চলত বন্যহস্তীৰ উপযোগী খাদ্য়ৰ অভাৱ ঘটাত খাদ্য়ৰ সন্ধানত সচৰাৰচৰ জনাঞ্চললৈ ওলাই অহা বন্য়হস্তী ৰ বৃহত জাকে ৰাইজৰ সাচতীয়া খাদ্য় সামগ্ৰী বিনষ্ট কৰে।
পুৱা প্ৰায় ৪ বজাত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গল মিছামাৰী বাঁহবেৰা অঞ্চলৰ দিপছন সত্নামী নামৰ লোকজনৰ৷ লগতে এই হাতীটোৱেই ইয়াৰ পূৰ্বে প্ৰাণ লৈছিল বন বিভাগৰ বীৰেন ৰাভা আৰু কুলেছৰ বড়োৰ৷ সোনাই ৰূপাই অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীটোৱে দিনে নিশাই সন্ত্ৰাস চলাইছে মিছামাৰী অঞ্চলত৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা