হোজাই কপাহঁবাৰীত ৰাইজৰ ৰোষত পৰিল বন বিভাগৰ লোক
হোজাই কপাহঁবাৰীত ৰাইজৰ ৰোষত বন বিভাগৰ লোক।
হোজাই কপাহঁবাৰীত ৰাইজৰ ৰোষত পৰিল বন বিভাগৰ লোক


হোজাই, ২৬ এপ্ৰিল (হি.স.): হোজাই কপাহঁবাৰীত ৰাইজৰ ৰোষত পৰিল বন বিভাগৰ লোক । ঘৰত ৰখাই থোৱা ট্ৰিপাৰৰ বিৰুদ্ধে অভিযান চলাই ৰাইজৰ ৰোষত পৰে বন বিভাগৰ সন্তস ঘোষ । স্থানীয় লোকৰ মতে বন বিভাগে মিছা অভিযোগ দি মাজনিশা ঘৰত ৰখাই থোৱা ট্ৰিপাৰৰ বিৰুদ্ধে চলাইছে অভিযান । অভিযান চলাবলৈ গৈ মহিলাকো ঠেলা-হেচাঁ কৰাৰ অভিযোগ বন বিভাগৰ বিৰুদ্ধে।

অকল এয়াই নহয়, ঘৰত ৰখাই থোৱা জেচেবি চাবি নোহোৱাকৈ ষ্টাট্ৰ কৰাৰ অভিযোগ কৰে বন বিভাগৰ বিৰুদ্ধে। ইপিনে বন বিভাগৰ মতে ইয়াহইয়া আহমেদ নামৰ এজন যুৱকে অবৈধ ভাৱে মাটি কঢ়িওৱাৰ অভিযোগ কৰিছে বন বিভাগে । বন বিভাগে অভিযোগ কৰিলেও ঘৰত ৰখাই থোৱা অৱস্থাতে চলাইছিল অভিযান । যাৰ বাবে ইয়াহইয়া আহমেদ নামৰ যুৱকজনে উচিত ন্যায় দাবী জনাইছে হোজাইৰ বন বিষয়া (D.F.O) নয়ন জ্যেতি ৰাজবংশীৰ ওচৰত । অকল এয়াই নহয় বন বিভাগৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’ব বুলিও মন্তব্য কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande