
কাঠমাণ্ডু, ২৬ এপ্ৰিল (হি.স.)। নেপালত শনিবাৰৰ সন্ধিয়াৰ পৰা অবিৰত বৰষুণৰ পিছত আৰু আজি দেওবাৰে ভূমিস্খলনৰ বাবে ৰুকুম ইষ্ট জিলাৰ মিড হিল হাইৱে বন্ধ হৈ পৰে।
যান-বাহন আৰক্ষী কাৰ্যালয়ৰ মুৰব্বী আৰক্ষী পৰিদৰ্শক বীৰ বাহাদুৰ থাপাই জনোৱা মতে, ধাৰাসাৰ বৰষুণৰ ফলত কেইবা ডজন স্থানত ভূমিস্খলনৰ ফলত ঘাইপথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। একেধৰণৰ ঘটনাই কেইবাটাও সংযোগী পথো অৱৰোধ কৰিছে। মিড হিল হাইৱেৰ কাষৰ ধৌলাপাহিৰা, কন্দবৰগড়, কিমুবোট, সুন্তালবাৰী, চাইপাতুং, কাংকৰী, সীতা, আদি অঞ্চলত ভূমিস্খলন হোৱা বুলি তেওঁ জনায়। তদুপৰি মুৰুৰ দুটা পৃথক স্থানত ভূমিস্খলনৰ ফলত ধৌনে পথৰ অংশ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে।
আৰক্ষী পৰিদৰ্শক থাপাই জনোৱা মতে, ভূমে গাঁও পৌৰসভাৰ এক্সকেভেটৰৰ সহায়ত ধ্বংসাৱশেষ আঁতৰোৱাৰ কাম চলি আছে। বতৰ ফৰকাল নোহোৱালৈকে অপ্ৰয়োজনীয় ভ্ৰমণৰ পৰা আঁতৰি থাকিবলৈও তেওঁ আহ্বান জনায়, কিয়নো ইয়াৰ ফলত নিৰাপত্তাৰ বিপদ বৃদ্ধি পাব পাৰে। ইফালে, শনিবাৰৰ দিনা সন্ধিয়া প্ৰায় ৬ বজাৰ পৰা ৰুকুমপুৰত বিদ্যুৎ যোগান ব্যাহত হৈ পৰিছে। বৰষুণৰ লগত অহা শিলাবৃষ্টিৰ ফলত অঞ্চলটোৰ ঘেঁহুৰ খেতিৰো ক্ষতিসাধন হয়।
हिन्दुस्थान समाचार / Manoj Kumar Saikia