কাঠমাণ্ডুত অবৈধ বস্তি ঘেৰাও নিৰাপত্তাৰক্ষীৰ, বেদখল বিৰোধী অভিযান আৰম্ভ
কাঠমাণ্ডু, ২৬ এপ্ৰিল (হি.স.)। নেপালৰ ৰাজধানী কাঠমাণ্ডুত বেদখলকাৰীৰ পৰা বাগমতী নদীৰ পাৰৰ চৰকাৰী ভূমি মুক্ত কৰিবলৈ এটা অবৈধ বসতিস্থলীৰ আশে-পাশে বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। চৰকাৰে দুদিন ধৰি অবৈধ বসতিস্থলীৰ বাসিন্দাসকলক খালী কৰিবলৈ সকীয়াই দি
अवैध बस्ती को खाली कराने के लिए तैनात सुरक्षाकर्मी


কাঠমাণ্ডু, ২৬ এপ্ৰিল (হি.স.)। নেপালৰ ৰাজধানী কাঠমাণ্ডুত বেদখলকাৰীৰ পৰা বাগমতী নদীৰ পাৰৰ চৰকাৰী ভূমি মুক্ত কৰিবলৈ এটা অবৈধ বসতিস্থলীৰ আশে-পাশে বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। চৰকাৰে দুদিন ধৰি অবৈধ বসতিস্থলীৰ বাসিন্দাসকলক খালী কৰিবলৈ সকীয়াই দিছে। চৰকাৰে উল্লেখ কৰে যে ভূমিহীন লোকক চিনাক্ত কৰি তেওঁলোকৰ বাবে অস্থায়ী আৱাসৰ ব্যৱস্থা কৰা হৈছে।

আজি পুৱা বুলডজাৰ লৈ আহি উপস্থিত হয় নিৰাপত্তাৰক্ষী। কালি স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি শিলগুটি নিক্ষেপ কৰি কেইবাজনো নিৰাপত্তাৰক্ষী আহত কৰে। কালি কাঠমাণ্ডু মহানগৰ পৌৰসভাই থাপাথালি আৰু গৈহৰিগাঁৱৰ অবৈধ বসতিস্থলত বুলডজাৰ ব্যৱহাৰ কৰে। আজি মনোহাৰা বসতি ভাঙি পেলোৱাৰ পৰিকল্পনা কৰা হৈছে।

বাগমতী নদীৰ পাৰৰ অবৈধ বসতিস্থল পৰিষ্কাৰ কৰাৰ উপৰিও প্ৰকৃত সুকুম বাসিন্দা চিনাক্তকৰণৰ বাবে স্ক্ৰীনিং প্ৰক্ৰিয়াও আৰম্ভ কৰা হৈছে। চৰকাৰে অতীতৰ তথ্য আৰু চলি থকা স্ক্ৰীনিং প্ৰক্ৰিয়াৰ ভিত্তিত প্ৰকৃত সুকুম বাসিন্দাসকলক চিনাক্ত কৰি দীৰ্ঘম্যাদী আৱাসগৃহ প্ৰদান কৰাৰ পৰিকল্পনা কৰিছে।

নগৰ উন্নয়ন মন্ত্ৰালয়ৰ মুখপাত্ৰ নাৰায়ণ প্ৰসাদ মাইনালিয়ে উল্লেখ কৰে যে প্ৰথম পৰ্যায়ত প্ৰকৃত ভূমিহীন লোকক চিনাক্ত কৰা হ’ব, আৰু তাৰ পিছত তেওঁলোকৰ দীৰ্ঘম্যাদী গৃহ নিৰ্মাণৰ ব্যৱস্থা কৰা হ’ব। কাঠমাণ্ডুত বা নিজ নিজ জিলাত, য’ত তেওঁলোকৰ সুবিধা হ’ব, তাত ভূমিহীন লোকক স্থায়ী আৱাস আৰু মাটিৰ ব্যৱস্থা কৰা হ’ব।

তেওঁ কয়, বিগত তথ্য আৰু চলি থকা পৰীক্ষাৰ ভিত্তিত আমি ভূমিহীনসকলক চিনাক্ত কৰিম। আমি তেওঁলোকৰ তিনিটা প্ৰজন্মলৈকে সবিশেষ সংগ্ৰহ কৰিম আৰু তেওঁলোকৰ প্ৰকৃত পৰিস্থিতি নিৰ্ণয় কৰিম। ইয়াৰ পিছত আমি প্ৰকৃত চুকুম বাসিন্দাসকলক উপত্যকাৰ বা নিজ নিজ জিলাত, য'ত তেওঁলোকৰ সুবিধাজনক স্থানত বসতি স্থাপন কৰাৰ ব্যৱস্থা কৰিম।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande