১০,০০০ গছপুলি ৰোপনেৰে জাঁজীমুখৰ ওপৰ শগুণ পৰাত জুবিন সেউজ চাপৰি স্থাপন
যোৰহাট, ২৬ এপ্ৰিল (হি.স.)। টীয়কত সেউজ বিল্পৱেৰে জুবিন গাৰ্গক অমৰ কৰাৰ প্ৰয়াস । ১০,০০০ গছপুলি ৰোপনেৰে জাঁজীমুখৰ ওপৰ শগুণ পৰাত জুবিন সেউজ চাপৰি স্থাপন ।প্ৰকৃতি প্ৰেমী ৰূপক টায়ু্ংৰ সপোন পূৰ্ণ হওঁক l জয় জুবিন দা,জুবিন দা অমৰ হওক ধ্বনিৰে আৰু
টীয়কত সেউজ বিল্পৱেৰে জুবিন গাৰ্গক অমৰ কৰাৰ প্ৰয়াস । ১০,০০০ গছপুলি ৰোপনেৰে জাঁজীমুখৰ ওপৰ শগুণ পৰাত জুবিন সেউজ চাপৰি স্থাপন ।প্ৰকৃতি প্ৰেমী ৰূপক টায়ু্ংৰ সপোন পূৰ্ণ হওঁক l


যোৰহাট, ২৬ এপ্ৰিল (হি.স.)। টীয়কত সেউজ বিল্পৱেৰে জুবিন গাৰ্গক অমৰ কৰাৰ প্ৰয়াস । ১০,০০০ গছপুলি ৰোপনেৰে জাঁজীমুখৰ ওপৰ শগুণ পৰাত জুবিন সেউজ চাপৰি স্থাপন ।প্ৰকৃতি প্ৰেমী ৰূপক টায়ু্ংৰ সপোন পূৰ্ণ হওঁক l

জয় জুবিন দা,জুবিন দা অমৰ হওক ধ্বনিৰে আৰু গছ থাকিলেহে মানুহ থাকিব,এজোপা গছ এটা জীৱন আদি শ্লোগানেৰে যোৰহাট জিলাৰ টীয়কৰ বানেধোৱা জাঁজীমুখৰ ওপৰ শগুণ পৰাত স্থাপন হ'ল জুবিন সেউজ চাপৰি। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰকৃতিৰ প্ৰতি থকা মৰম তথা দায়বদ্ধতাক সন্মান জনাই তেওঁৰ নীতি আদৰ্শ শিৰোগত কৰি জুবিন গাৰ্গৰ নাম অনাদি অনন্ত কাললৈ জীয়াই ৰাখিবলৈ জাঁজীমুখৰএইসকল ৰাইজৰ এয়া এক ব্যতিক্ৰমী পদক্ষেপ। জানিব পৰা মতে ব্ৰিটিছৰ দিনৰ পৰা এই অঞ্চলত বহুসংখ্যক শিমলু গছ আছিল আৰু ইয়ালৈ হাজাৰ হাজাৰ শগুণৰ আগমণ ঘটিছিল যাৰ বাবে উক্ত অঞ্চলৰ নাম শগুণপৰা হৈছিল । কালক্ৰমত যদিও বান গৰাখহনীয়া তথা অনান্য কাৰণত প্ৰাকৃতিক ভাৰাসাম্য হেৰুৱাই বৰ্তমান এই অঞ্চলত সেই পৰিবেশ প্ৰায় নি:শেষৰ পথত।

সেয়ে পূৰ্বৰ প্ৰাকৃতিক পৰিবেশ ঘূৰাই অনাৰ প্ৰয়াসেৰে উক্ত অঞ্চলৰ প্ৰাক্তন ছাত্ৰ নেতা তথা প্ৰকৃতি প্ৰেমী ৰূপক টায়ু্ং নামৰ এজন যুৱকে আজি কিছু দিনৰ পৰা লুইতৰ পাৰৰ এই বৃহৎ চাপৰিত ব্যক্তিগতভাৱে শিমলু পুলি ৰোপণ কৰিবলৈ আৰম্ভ কৰিছিল আৰু পাছলৈ গাৱঁৰ সকলোৱে বান গৰাখহনীয়া ৰক্ষাৰ লগতে পূৰ্বৰ বিনন্দীয়া পৰিবেশ ওভতাই অনাৰ স্বাৰ্থত ইতিমধ্যে কেইবাহাজাৰ শিমলু পুলি ৰোপন কৰি আহিছে। ইপিনে প্ৰাণৰ শিল্পীগৰাকীৰ অকাল মৃত্যুতো সকলো মিয়ম্ৰান আৰু সেয়ে এই লুইতৰ পাৰৰ বৃহৎ ভূমিখণ্ডক জুবিন সেউজ চাপৰি নামেৰে নামাকৰণ কৰি সেউজ বিপ্লৱ সূচনা কৰিছে এইসকল গঞা ৰাইজে। ইতিমধ্যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত এগছি বন্তি জ্বলাই শুভাৰম্ভ কৰি প্ৰথমে এটি নাহৰ পুলি ৰোপন কৰি প্ৰায় ১০,০০০ শিমলু পুলি ৰোপন কৰিছে আৰু তেওঁলোকৰ এই পদক্ষেপ আগলৈকে চলি থাকিব বুলি সদৰি কৰি এই ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা কামনা কৰিছে। এতিয়াও যে সমাজত একাংশ ব্যক্তিয়ে প্ৰকৃতিৰ বিনন্দীয়া ৰূপ জীয়াই ৰখাৰ স্বাৰ্থত অহৰহ নিজকে উৎসৰ্গা কৰিছে তাৰ প্ৰমাণ এনেধৰণৰ ধনাত্মক কৰ্মসূচী সমূহেই পোহৰলৈ আনে । প্ৰকৃতি প্ৰেমী ৰূপক টায়ু্ংৰ সপোন পূৰ্ণ হওঁক ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande