
নগাঁও, ২৬ এপ্ৰিল (হি.স.)। নগাঁও ডকাইতি কাণ্ডৰ মূল খলনায়ক ওমৰ আলীক আটক। আৰক্ষীয়ে আটক কৰিছে মিন্টু হুছেইন নামৰ এজনকো।
নগাঁও আৰক্ষীয়ে জব্দ কৰিছে ডা: ৰঞ্জিত শইকীয়াৰ ঘৰৰ পৰা লুটি নিয়া নগদ ধনো। বৰ্তমানো পলাতক অৱস্থাত আছে আন তিনিটা ডকাইত। ধৃত ওমৰ আলী পূৰ্বেও বহু ডকাইতি কাণ্ডৰ সৈতে জৰিত আছিল।
লক্ষনীয় যে বিগত ২৪ এপ্ৰিলত নগাওৰ মৰিকলং স্থিত ডা: ৰঞ্জিত শইকীয়াৰ বাসগৃহত নিশা সংঘটিত এটা ডকাইতি কাণ্ডত ডকাইতে চিকিৎসক দম্পত্তিক অতি নৃশংস ভাবে প্ৰহাৰ কৰি গুৰুতৰভাবে আহত কৰে আৰু কেইবা লাখ টকাৰ সম্পত্তি লুত কৰি নিয়ে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু