
বৰপেটা, ২৬ এপ্ৰিল (হি.স.): বৰপেটা জিলাৰ চেঙা সমষ্টিত সামান্য বৰষুণতে বিধ্বস্ত হৈ পৰিল প্ৰায় ১৪ কোটি টকীয়া এটি পকী পথ । লোক নিৰ্মাণ বিভাগে এএছ ০১–৫২৪ পেকেজৰ অধীনত কালাইৰদিয়াৰ পৰা মাজৰচৰ হৈ বাঘমাৰালৈ যোৱা ১০ কিলোমিটাৰ পকী পথ নিৰ্মাণৰ বাবে প্ৰায় ১৪ কোটি টকা আৱন্টন দিয়ে যদিও উক্ত পকী পথটো এশ শতাংশ বালি মাটিৰে নিৰ্মাণ কৰাত সামান্য বৰষুণতে এনেদৰে বিধ্বস্ত হৈ পৰিছে।
আৰ বি এছ'ছিয়েট নামৰ নিৰ্মাণ প্ৰতিষ্ঠানটোৱে পকী পথটোৰ ছাইট বামতো বালি মাটি ব্যৱহাৰ কৰাত পথটোৰ শতাধিক স্থানত এনেদৰে খহি পৰিছে। ১৪ কোটি টকীয়া পকী পথ নিৰ্মাণত ঠিকাদাৰে অত্যন্ত নিম্নমানৰ কাম কৰাৰ বাবেই নিৰ্মাণৰ মাত্ৰ ছমাহৰ পিছতে পথটো জহি-খহি যাব ধৰিছে । লোক নিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তা তাজ উদ্দিন আহমেদৰ ছত্ৰছায়াতে ঠিকাদাৰ ৰিয়াজ আলীয়ে এনেদৰে পকী পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ পাছতো সুকলমে বিল আদায় কৰাৰো অভিযোগ উত্থাপিত হৈছে । ইফালে শীঘ্ৰে বিধ্বস্ত হৈ পৰা পকী পথটো পুনঃনিৰ্মাণৰ দাবী জনাইছে ৰাইজে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ