মাৰ্ঘেৰিটাত সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ উদ্যোগত ৰঙালী বিহু উদযাপন
তিনিচুকিয়া, ২৬ এপ্ৰিল (হি.স.)। মাৰ্ঘেৰিটাত সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ উদ্যোগত ৰঙালী বিহু উদযাপন। মাৰ্ঘেৰিটাত বাৰেৰহণীয়া কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন। উখল-মাখল পৰিৱেশ। পবিত্ৰ ৰঙালী বিহুৰ উচাহে এতিয়াও দি গৈছে বিশেষ আমেজ। তাৰ মাজতে আজি তিনিচুক
মাৰ্ঘেৰিটাত সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ উদ্যোগত ৰঙালী বিহু উদযাপন


তিনিচুকিয়া, ২৬ এপ্ৰিল (হি.স.)। মাৰ্ঘেৰিটাত সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ উদ্যোগত ৰঙালী বিহু উদযাপন।

মাৰ্ঘেৰিটাত বাৰেৰহণীয়া কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন। উখল-মাখল পৰিৱেশ। পবিত্ৰ ৰঙালী বিহুৰ উচাহে এতিয়াও দি গৈছে বিশেষ আমেজ।

তাৰ মাজতে আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ উদ্যোগত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় ৰঙালী বিহু।

মাৰ্ঘেৰিটাত আয়োজিত এই বিহু অনুষ্ঠানক কেন্দ্ৰ কৰি সৃষ্টি হয় এক উৎসৱমুখৰ পৰিৱেশৰ। দিনজোৰা কাৰ্যসূচীৰ আৰম্ভণিতে পুৱা বিহু পতাকা উত্তোলন কৰে স্থানীয় বিশিষ্ট সমাজকৰ্মী নৰেশ্বৰ হাজৰিকাই আৰু পৰিষদৰ পতাকা উত্তোলন কৰে সঞ্জীৱ বৰাই। ইয়াৰ পাছতে স্মৃতি তৰ্পণ কৰে উদযাপন সমিতিৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ দহোটীয়াই।

প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি উপস্থিতিত সকলোৱে একেলগে পৰিৱেশ কৰে মায়াবিনী গীতটো। কৃষ্টি আৰু সংস্কৃতিৰ এই মিলনভূমিত পৰম্পৰা ৰক্ষা কৰি আয়োজিত এই কাৰ্যসূচীত অঞ্চলটোৰ বহু ৰাইজৰ সমাগম ঘটে। উৎসৱৰ আনন্দক দুগুণ বঢ়াবলৈ দিনৰ ভাগত কণ-কণ কিশোৰ-কিশোৰীসকলৰ মাজত অনুষ্ঠিত কৰা হয় বিভিন্ন প্ৰতিযোগিতা।

চিত্ৰাংকন প্ৰতিযোগিতা, মহিলাসকলৰ মাজত আমোদজনক চকী খেল আৰু অসমীয়াৰ পৰম্পৰাগত কণী যুঁজ প্ৰতিযোগিতাত কণ-কণ ল’ৰা-ছোৱালীসকৰ লগতে মহিলা সকলে উছাহেৰে অংশগ্ৰহণ কৰে। আৱেলি মুকলি সভা লগতে অসম এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী ৰূপম কাশ্যপৰ গীত শৰাইৰে অনুষ্ঠানৰ সামৰণি পৰিব।

উদ্যোক্তা সমিতিয়ে সকলো ৰাইজকে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande