হাটশিঙিমাৰী ছুপাৰ মাৰ্কেটৰ কদৰ্য্যময় পৰিবেশ
মানকাচৰ, ২৬ এপ্ৰিল (হি.স.)। হাটশিঙিমাৰী ছুপাৰ মাৰ্কেটৰ কদৰ্য্যময় পৰিবেশ। পিছে গুৰুত্বনাই বিভাগীয় কৰ্তৃপক্ষৰ। দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ হাটশিঙিমাৰী ছুপাৰ মাৰ্কেট বৰ্তমান কদৰ্য্যময় পৰিবেশে জলাকলা খুৱাইছে স্থানীয় বজাৰখনৰ দোকানী তথা গ্ৰাহকক। এজাক
হাটশিঙিমাৰী ছুপাৰ মাৰ্কেটৰ কদৰ্য্যময় পৰিবেশ


মানকাচৰ, ২৬ এপ্ৰিল (হি.স.)। হাটশিঙিমাৰী ছুপাৰ মাৰ্কেটৰ কদৰ্য্যময় পৰিবেশ। পিছে গুৰুত্বনাই বিভাগীয় কৰ্তৃপক্ষৰ।

দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ হাটশিঙিমাৰী ছুপাৰ মাৰ্কেট বৰ্তমান কদৰ্য্যময় পৰিবেশে জলাকলা খুৱাইছে স্থানীয় বজাৰখনৰ দোকানী তথা গ্ৰাহকক।

এজাক বৰষুণ হ’লেই বজাৰখনৰ বাট-পথসমূহ বোকাময় হৈ পৰাৰ লগতে বহু দোকান পানীৰ তলত ডুবি যায়। এই বোকাময় আৰু অস্বাস্থ্যকৰ পৰিবেশৰ বাবে বহু গ্রাহকে বজাৰত সোমাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হয়, ফলস্বৰূপ ব্যৱসায়ী সকলে লোকচানৰ সন্মুখিন হব লগীয়া হয় ।

বজাৰখনত যেনে ধৰণে ড্ৰেইন নিৰ্মান কৰি বৰষুণৰ পানী নিষ্কাশনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেনে ধৰণে ব্যৱস্থা নথকাৰ বাবে এজাক বৰষুণৰ পিছতে অচলাৱস্থা হৈ পৰে বজাৰখনৰ ৷ বহুদিন ধৰি জিলা প্ৰশাসনক সমস্যাটো অবগত কৰিও ইয়াক সমাধানৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই ৷

দোকানীসকলে বজাৰখনৰ এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে জিলা প্ৰশাসনক দাবি জনায় ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande