
ইম্ফল, ২৬ এপ্ৰিল (হি.স.)। বৃহত্তৰ ইম্ফল অঞ্চলত জনশান্তি বিঘ্নিত কৰা হিংসা আৰু অশান্তিৰ অভিযোগত ৬ জন লোকক গ্ৰেপ্তাৰ কৰিছে মণিপুৰ আৰক্ষীয়ে।
মণিপুৰ আৰক্ষীয়ে আজি জনোৱা মতে, শনিবাৰে শৃংখলা ঘূৰাই অনা আৰু অধিক অশান্তি ৰোধৰ বাবে চলি থকা প্ৰচেষ্টাৰ অংশ হিচাপে শনিবাৰে এই সকলক গ্ৰেপ্তাৰ কৰা হয়। আটক কৰা লোকসকল হৈছে যুমনাম সোমনাথ ওৰফে নোংছাবা (২১), নিংথৌজাম প্ৰেম সিং (২৫), সোৰোখাইবাম ৰুস্তম (২৫), ঙাইৰাংবাম য়াইখোম্বা (২৫), ৱাংখেম ইংগো মেইটেই (৩০), আৰু মইৰাংথেম নাওবা মেইটেই (২৪)।
ইম্ফল অঞ্চলৰ কিছু অংশত আইন-শৃংখলা বিঘ্নিত কৰা কামত অভিযুক্তসকল জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে বিষয়াসকলে। স্পৰ্শকাতৰ অঞ্চলত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে, আৰু এই কাণ্ডসমূহৰ সৈতে জড়িত যিকোনো বৃহৎ নেটৱৰ্ক বা অতিৰিক্ত ব্যক্তি চিনাক্ত কৰাৰ বাবে অধিক তদন্ত চলি আছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ