
যোৰহাট, ২৬ এপ্ৰিল (হি.স.)। এগৰাকী গৱেষকে জুবিন গাৰ্গৰ নামত এবিধ উদ্ভিদৰ নামাকৰণ কৰাৰ পাছত এইবাৰ জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই যোৰহাট জিলাৰ জাঁজীমুখত ব্ৰহ্মপুত্ৰৰ এটা চাপৰি প্ৰিয় শিল্পী গৰাকীৰ নামেৰে নামকৰণ কৰি তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই গাঁৱৰ ৰাইজে বৃক্ষ ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰিছে। ব্ৰহ্মপুত্ৰৰ চাপৰিত,বানে বিধ্বস্ত কৰা জাঁজীমুখৰ ওপৰ শগুণ পৰাত জুবিন গাৰ্গৰ সোঁৱৰণত স্থাপন কৰা হ'ল জুবিন সেউজ চাপৰি ।
এটা সময় আছিল বৃটিছে উজনিলৈ জলপথেৰে অহাৰ পথত এই জাঁজীমুখতে লংগৰ পেলাইছিল। তদুপৰি এই জাঁজীমুখৰ মাজেৰে পাৰ হৈ যোৱা বৰ আলিয়েদি নেঘেৰিটিংৰ শিৱদৌলৰ নিৰ্মালি গড়গাঁৱৰ আহোম ৰাজ প্ৰসাদলৈ নিয়া হৈছিল ৰজাৰ বাবে। জৈৱ বৈচিত্ৰ্যৰে ভৰপুৰ এই জাঁজীমুখৰ চাপৰি সমূহত থকা বন বিৰিখৰ লগতে অত তত সিঁচৰতি হৈ থকা জলাশয় সমূহত দেশ বিদেশৰ পৰিভ্ৰমী পক্ষীৰ আগমন ঘটাৰ লগতে বৃহৎ পৰিমাণৰ শিমলু গছেৰে ভৰপুৰ এই জাঁজীমুখ বৰ্তমান বিলুপ্ত প্ৰায় শগুনৰ অন্যতম বাসস্থান আছিল।
কালৰ বুকুত এই চৰ চাপৰি সমূহত থকা শিমলু গছকে ধৰি অন্যান্য গছ-গছনি ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া তথা একাংশ জীৱ শ্ৰেষ্ঠৰ বাবে ধ্বংস হোৱাৰ পাছত উক্ত অঞ্চল সমূহলৈ পৰিভ্ৰমী পক্ষীৰ আগমন নঘটা হ'ল আৰু শগুনৰ আশ্ৰয়স্থল শিমলু গছ নোহোৱা হোৱাত শগুণ সমূহো নোহোৱা হ'ল। কিন্তু এই জাঁজীমুখৰ ওপৰ শগুণ পৰাত এচাম যুৱক-যুৱতীয়ে ৰূপক টায়ুংৰ নেতৃত্বত আৰম্ভ কৰিছে এই সেউজ বিপ্লৱৰ। যি বোৰ ব্ৰহ্মপুত্ৰৰ চাপৰি এতিয়া লঠঙা হৈ পৰি আছিল সেই চাপৰি সমূহৰ ভিতৰত অন্যতম ওপৰ শশুন পৰা অঞ্চলৰ সোনাই গাঁৱৰ সমীপৰ এটা চাপৰি জুবিন সেউজ চাপৰি নামেৰে নামকৰণ কৰি আৰম্ভ কৰিছে বৃক্ষ ৰোপণ কাৰ্যসূচী। মূলতঃ শিমলু গছ ৰোপণত প্ৰাধান্য দিয়া হৈছে যদিও অনান্য বৃক্ষৰ পুলিও ৰোপণ কৰাৰ পৰিকল্পনা কৰিছে যুৱক -যুৱতীৰ দলটোৱে । এই কাৰ্য্যসূচী জুবিন সেউজ চাপৰিৰ লগতে ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে জাঁজীমুখ পাৰ ঘাট পৰ্যন্ত সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰিছে যাতে গৰাখহনীয়া প্ৰতিৰোধতো সহায়ক হব ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা