টীয়কত বহুজাতিক কোম্পানী মহিন্দ্ৰ ট্ৰেক্টৰৰ ৰঙালী বিহু উদযাপন
যোৰহাট, ২৬ এপ্ৰিল (হি.স.)। টীয়কত বহুজাতিক কোম্পানী মহিন্দ্ৰ ট্ৰেক্টৰৰ ৰঙালী বিহু উদযাপন। বিগত বছৰৰ দৰে এইবাৰো টীয়কৰ মহিন্দ্ৰ ট্ৰেক্টৰৰ প্ৰতিষ্ঠান অসম এগ্ৰ'' মেছিনেৰীৰ উদ্যোগত ৰঙালী বিহু উদযাপন কৰা হয়।অসমীয়াৰ বিহুসাজেৰে প্ৰতিষ্ঠানৰ সকলো ওলাই আহ
টীয়কত বহুজাতিক কোম্পানী মহিন্দ্ৰ ট্ৰেক্টৰৰ ৰঙালী বিহু উদযাপন


যোৰহাট, ২৬ এপ্ৰিল (হি.স.)। টীয়কত বহুজাতিক কোম্পানী মহিন্দ্ৰ ট্ৰেক্টৰৰ ৰঙালী বিহু উদযাপন। বিগত বছৰৰ দৰে এইবাৰো টীয়কৰ মহিন্দ্ৰ ট্ৰেক্টৰৰ প্ৰতিষ্ঠান অসম এগ্ৰ' মেছিনেৰীৰ উদ্যোগত ৰঙালী বিহু উদযাপন কৰা হয়।অসমীয়াৰ বিহুসাজেৰে প্ৰতিষ্ঠানৰ সকলো ওলাই আহি পৰম্পৰাগত খাদ্য সম্ভাৰেৰে গ্ৰাহকক আপ্যায়ন কৰাৰ লগতে টীয়কৰ কেইবাগৰাকীও জ্যেষ্ঠ ব্যক্তিক একোখনকৈ বিহুৱানেৰে সেৱা লয় আৰু প্ৰতিষ্ঠানৰ চৌহদত হুচৰি প্ৰদৰ্শনৰ ব্যৱস্থা কৰি সকলোৱে বিহু মাৰে।

ইপিনে প্ৰতিষ্ঠানটোৱে যোৱা নৱেম্বৰ-ডিচেম্বৰ মাহৰ পৰা গ্ৰাহকৰ মাজত এখন উপহাৰ কুপনৰ খেল অনুষ্ঠিত কৰিছিল আৰু আজি বিহু উদযাপনৰ দিনাই টীয়ক পৌৰসভাৰ পৌৰনেত্ৰীকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আনুষ্ঠানিকভাৱে ভাগ্যৱান গ্ৰাহকসকলক উপহাৰ প্ৰদান কৰে।উল্লেখযোগ্য যে উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি মহেন্দ্ৰ ট্ৰেক্টৰৰ এক নতুন সংস্কৰণৰ মুকলি কৰা হয় আৰু আজিৰ পৰাই সেই সংস্কৰণ ৰাইজৰ বাবে উপলব্ধ হ'ব বুলি জানিবলৈ দিয়ে।এটি বহুজাতিক কোম্পানীয়ে বহাগ বিহু উপলক্ষত এইদৰে নিজা প্ৰতিষ্ঠানত এইদৰে অসমীয়াৰ পৰম্পৰা ৰক্ষা কৰিবলৈ যি প্ৰয়াস কৰিছে সেয়া অতি আদৰণীয় বুলি সকলোৱে মত প্ৰকাশ কৰিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande