
কোকৰাঝাৰ, ২৬ এপ্ৰিল (হি.স.)। পৰ্বতঝোৰাত অসম মালা আঁচনিৰ পথ নিৰ্মানত ব্যাপক অনিয়মৰ অভিযোগ। ১৫.৯১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ বগৰিবাৰী ১৭,নং ৰাষ্ট্রীয় ঘাইপথ হৈ টিপকাই সংযোগী গঁড়কাপ্তানী পথ চোৱা অসম মালা আঁচনিৰ অধীনত অবন্টন হৈছে। পথ চোৱাৰ নিৰ্মাণ কামত অতি নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে।
গড়কাপ্তানী পথ চোৱাৰ নিৰ্মান কামৰ লাভ কৰা ঠিকাদাৰ মনোজ কুমাৰ বসুমতাৰীয়ে স্থানীয় কিছু ব্যক্তিৰ হতুৱাই বালি শিলৰ সংমিশ্ৰণৰ বিপৰীতে ৰঙামাটি আৰু কিছু শিলগুটি দি পথটোৰ নিৰ্মান কাম আৰম্ভ কৰাৰ লগতে কালভাৰ্টৰ কামত নিম্ন মানৰ ৰোড ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।
ইপিনে কালভাৰ্ট সমূহ নিৰ্মান কৰাৰ বাবে কাষে দি উথপ থপ বনাই দিছে যদিওঁ মূল পথত কোনো বেৰিকেটৰ আৰু সংকেতৰ ব্যৱস্থা নকৰাত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ পথচাৰী আহত হোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে। কোকৰাঝাৰ লোক নিৰ্মান(পথ)বিভাগৰ তত্বাৱধানত পথ চোৱা নিৰ্মান হৈ থকা অৱস্থাত কেনেকৈ অনিয়ম সংঘটিত হব পাৰিলে ইয়াক লৈ সচেতন মহলত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। স্থানীয় সচেতন ৰাইজে প্ৰাককলন মতে আৰু উন্নত মানৰ সামগ্ৰী ব্যৱহাৰ কৰি পথ চোৱা নিৰ্মান কৰাৰ বাবে আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ