শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনৰ লাইখুঁটা স্থাপন
শিৱসাগৰ, ২৬ এপ্ৰিল (হি.স.)। শিৱসাগৰ শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনে ২৯ বৰ্ষত ভৰি দিলে। আগন্তুক ৯,১০ আৰু ১১ মে তাৰিখে শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত হ''বলগীয়া সন্মানীয় বিহু খনৰ আজি লাইখুঁটা স্থাপন কৰা হয়। আতৈ-পুৰুহিতৰ আশীৰ্বাদ-মন্ত্ৰেৰে
শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনৰ লাইখুঁটা স্থাপন


শিৱসাগৰ, ২৬ এপ্ৰিল (হি.স.)। শিৱসাগৰ শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনে ২৯ বৰ্ষত ভৰি দিলে। আগন্তুক ৯,১০ আৰু ১১ মে তাৰিখে শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া সন্মানীয় বিহু খনৰ আজি লাইখুঁটা স্থাপন কৰা হয়।

আতৈ-পুৰুহিতৰ আশীৰ্বাদ-মন্ত্ৰেৰে লাইখুঁটা স্থাপন কৰি বিহু খনৰ কুশল কামনা কৰা হয়।অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অবিহনে ম্লান পৰা বিহুখনে বিগত বছৰবোৰৰ দৰে বিভিন্ন সংস্কৃতিক কাৰ্যসূচী হাতত ৰখা হৈছে যদিও শিৱসাগৰ সমাজ জীৱনৰ ২৯ গৰাকী বিশিষ্ট ব্যক্তিক এইবাৰৰ বিহু মঞ্চত সম্বৰ্ধনা জনোৱা হ'ব।বিগত চাৰি বছৰৰ পৰা প্ৰৱৰ্তন কৰা আন্তঃ বিদ্যালয় হুঁচৰি প্ৰতিযোগিতাখনো এইবাৰো আয়োজন কৰা হৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande