
বাক্সা, ২৬ এপ্ৰিল (হি.স.)। চৰকাৰ বহু আহিল বহু গ’ল কিন্তু দিৰিং নৈ ওপৰৰ দলং খনহে নহল।এখন দলং নোহোৱাৰ বাবেই বাৰিষা হলেই জলবন্দী হ'ব লগা হয় পলাচীৰ বৃহত্তৰ অঞ্চলৰ ৰাইজ।
বাক্সা জিলাৰ মাজেৰে বৈ যোৱা দিৰিং নদীত এখন দলংৰ বাবে দীৰ্ঘদিনে দাবী কৰি আহিছে পলাচী গাওঁৰ লগতে নৈপৰীয়া ৰাইজে।কিন্তু আজিপৰ্যন্ত দলংৰ নামত শিল এটাও লাভ নকৰিলে ৰাইজে। এতিয়া বাৰিষাৰ প্ৰাকক্ষণত পুনৰ হাহাকাৰ কৰি উঠিছে নৈপৰীয়া ৰাইজে।দৈনন্দিন কামৰ বাবে প্ৰতিদিনে দিৰিং নৈ পাৰ হ’ব লগা হয়।নদীৰ বুকুৰেই নিজৰ কৰ্মৰ তাগিদাৰ বাবে এনেদৰেই যাতায়ত অব্যাহত ৰাখিছে ভুক্তভুগী ৰাইজে। এই পথেৰেই বৰবৰী, বৰমালৈ প্ৰতিদিনে অহা যোৱা কৰে শ-শ ৰাইজৰ লগতে স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী।বহুবাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো আজিলৈকে কোনো এখন চৰকাৰে দলংখন দিব নোৱাৰিলে ফলত দুৰ্ভোগত ভুগিছে নৈপৰীয়া ৰাইজে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ