জুৱাৰীৰ বিৰুদ্ধে ধিং আৰু ডুমডুমীয়া আৰক্ষীৰ যৌথ অভিযান
নগাঁও, ২৬ এপ্ৰিল (হি.স.)। জুৱাৰীৰ বিৰুদ্ধে ধিং আৰু ডুমডুমীয়া আৰক্ষীৰ যৌথ অভিযান । যোৱা নিশা ধিঙৰ ২ নং লাঙ্গীয়াত চলি থকা অবৈধ জুৱা খেলৰ ওপৰত আৰক্ষীয়ে তীব্ৰ অভিযান চলাই সম্পূৰ্ণ এটা জুৱাৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হয় । এই অভিযানত মুঠ ৭ জন জুৱাৰীক
জুৱাৰীৰ বিৰুদ্ধে ধিং আৰু ডুমডুমীয়া আৰক্ষীৰ যৌথ অভিযান


নগাঁও, ২৬ এপ্ৰিল (হি.স.)। জুৱাৰীৰ বিৰুদ্ধে ধিং আৰু ডুমডুমীয়া আৰক্ষীৰ যৌথ অভিযান । যোৱা নিশা ধিঙৰ ২ নং লাঙ্গীয়াত চলি থকা অবৈধ জুৱা খেলৰ ওপৰত আৰক্ষীয়ে তীব্ৰ অভিযান চলাই সম্পূৰ্ণ এটা জুৱাৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হয় ।

এই অভিযানত মুঠ ৭ জন জুৱাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। গ্ৰেপ্তাৰ হোৱা জুৱাৰী কেইজন হ'ল—আব্দুল মালেক, আলাল উদ্দিন, নুৰুল আমিন, ছাদিকুল ইছলাম, আইজুল হক, শ্বাজাহান আলী আৰু জাৰামাৰীৰ আব্দুল ৰফিক।

জুৱাৰীসকলৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে নগদ ধন লগতে জুৱা খেলৰ বিভিন্ন সা-সামগ্ৰী। উল্লেখ্য যে, বহুদিন ধৰি ২ নং লাঙ্গীয়াত এই জুৱাৰীৰ চক্ৰটো গোপনে চলি আছিল। অৱশেষত আৰক্ষীৰ কঠোৰ পদক্ষেপত ভাঙি পৰিল এই অবৈধ কাৰ্যকলাপ।

বৰ্তমান আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande