
যোৰহাট, ২৬ এপ্ৰিল (হি.স.)। যোৰহাটত যোৰহাট গ্ৰন্থমেলা ভিণ্টেজ অনুষ্ঠিত। অসম শৈক্ষিক কেন্দ্ৰৰ উদ্যোগত যোৰহাটত পোন প্ৰথম বাৰৰ বাবে আজিৰে পৰা অনুষ্ঠিত কৰা হয় যোৰহাট ভিণ্টেজ গ্ৰন্থ মেলা। যোৰহাট জগন্নাথ মহা বিদ্যালয়ৰ সংস্কৃত বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড° কল্যাণী গোস্বামীয়ে মংগলা চৰণৰে অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে।
তাৰ পিছতেই অসম শৈক্ষিক কেন্দ্ৰৰ প্ৰাক্তন সভাপতি ড ° পঞ্চানন বৰঠাকুৰে সভাপতিত্বত কৰা অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে যোৰহাট মহাবিদ্যালয়ৰ প্ৰাক্তন অধক্ষ্য ড ° পবিত্ৰ প্ৰাণ গোস্বামীয়ে। আজিৰ অনুস্থানটোৰ সভাপতি গৰাকীয়ে অসম শৈক্ষিক কেন্দ্ৰৰ জন্মৰ কথা উপস্থিত ৰাইজক অৱগত কৰে আৰু এই অনুষ্ঠানটোৱে জন্ম লগ্নৰ পৰা অসমৰ লগতে উত্তৰ পূ্বাঞ্চলৰ বিভিন্ন প্ৰান্তত শিক্ষাৰ্থী সকলৰ সৰ্বাংগীন বিকাশৰ বাবে বিভিন্ন শৈক্ষিক কাৰ্য সূচী গ্ৰহণ কৰি অহাৰ কথাও জানিবলৈ দিয়ে। বিশিষ্ট অতিথি হিচাপে তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ মহা প্ৰবন্ধক দিব্য জ্যোতি বৰাই উপস্থিত থাকি অনুষ্ঠানটোৰ উত্তৰতৰ কামনা কৰে।লগতে অসম শৈক্ষিক কেন্দ্ৰৰ এখনি স্মাৰক গ্ৰন্থও উন্মোচন তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ মহা প্ৰবন্ধক দিব্য জ্যোতি বৰাই। আজিৰ পৰা অনুষ্ঠিত হোৱা যোৰহাট গ্ৰন্থমেলা ভিণ্টেজত বহু কেইখন পৌৰাণিক গ্ৰন্থ প্ৰদৰ্শনৰ ব্যবস্থা কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু