
মৰিগাঁও, ২৬ এপ্ৰিল (হি.স.)। জাগীৰোডত সঘনাই সংঘটিত হ'বলৈ ধৰিছে চুৰি কাণ্ড । যোৱা নিশা জাগীৰোড থানাৰ অন্তৰ্গত ঘূনুচা কালী মন্দিৰৰ সমীপত সংঘটিত হয় এক চুৰি কাণ্ড ।
নিশা কোনো নথকাৰ সুযোগ লৈ ৰঞ্জিত সাহা নামৰ ব্যৱসায়ী জনৰ ঘৰত পিছ দোৱাৰেদি প্ৰৱেশ কৰি চোৰে লুটি লৈ যায় নগদ পাঁচ লাখ ৮০ হাজাৰ টকা । উল্লেখযোগ্য যে পৰিয়ালসহ ব্যৱসায়ীজন শনিবাৰে গৈছিল তেজপুৰলৈ । দেওবাৰে ওভতি আহি তেওঁ এই চুৰি কাণ্ডৰ কথা গম পাই জাগীৰোড আৰক্ষীক খবৰ দিয়ে। সম্প্ৰতি আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু