
দৰং, ২৬ এপ্ৰিল (হি.স.)। ওৰাঙত গৰু চোৰে নিদ্ৰাহৰণ কৰিছে গঞাৰ। উদ্যমিতা আচঁনিৰ দহ হাজাৰ টকাৰে কিনা গায় গৰু চুৰি।
লাখপতি বাইদেউৰ সপোন চাৰখাৰ বৃদ্ধ মহিলাৰ।
ৰাজ্যত গৰুচোৰে গঞা ৰাইজৰ নিদ্ৰাহৰণ কৰিছে। সমান্তৰালকৈ ওৰাঙৰ ভিন্ন অঞ্চলত গৰু আৰু ছাগলী চোৰে টোপনি হৰিছে ওৰাংবাসী ৰাইজৰ।
শেহতীয়াকৈ ওৰাঙৰ মালতী বিশ্বাস নামৰ এগৰাকী অকলশৰীয়া অসহায় দৰিদ্ৰ মহিলাৰ পৰা যোৱা বুধবাৰে নিশা দুটা গাভিনী গৰু সহ আৰু এটা দামুৰী পোৱালি চোৰে চোৰ কৰি লৈ যায়।
ওৰাং আৰক্ষী থানাত এই সন্দৰ্ভত এখন লিখিত এজেহাৰ দিয়ে যদিও আজিলৈকে কোনো সুংসুত্ৰ নাপায় সৰ্বস্ৰান্ত হৈ দিগবিদিগ হেৰুৱাৰ উপক্ৰম হৈছে এই দিন হাজিৰা কৰি চলা মহিলা গৰাকী।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা