পেট কামিন্সক মহান অধিনায়ক বুলি অভিহিত কৰি ঈশান কিষানে পেট কামিন্সৰ উভতি অহাত সন্তোষ প্ৰকাশ
জয়পুৰ, ২৬ এপ্ৰিল (হি.স.)। নিয়মীয়া অধিনায়ক পেট কামিন্সৰ উভতি অহাত সন্তোষ প্ৰকাশ কৰি ছানৰাইজাৰ্ছ হায়দৰাবাদৰ উইকেটকীপাৰ বেটছমেন ঈশান কিষানে কয় যে তেওঁ এজন মহান নেতা আৰু তেওঁৰ আগমনে দলৰ বলিং শক্তিশালী কৰিছে। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)
ईशान किशन (फोटो- सनराइजर्स हैदराबाद एक्स)


জয়পুৰ, ২৬ এপ্ৰিল (হি.স.)। নিয়মীয়া অধিনায়ক পেট কামিন্সৰ উভতি অহাত সন্তোষ প্ৰকাশ কৰি ছানৰাইজাৰ্ছ হায়দৰাবাদৰ উইকেটকীপাৰ বেটছমেন ঈশান কিষানে কয় যে তেওঁ এজন মহান নেতা আৰু তেওঁৰ আগমনে দলৰ বলিং শক্তিশালী কৰিছে।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৬ চনৰ এখন ৰোমাঞ্চকৰ খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে ৰাজস্থান ৰয়েলছক ৫ উইকেটত পৰাস্ত কৰে। শনিবাৰে নিশা খেলা খেলখনত প্ৰথম বেটিং কৰি ৰাজস্থানে ৬ উইকেটত ২২৮ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে হায়দৰাবাদে ১৮.৩ অভাৰত ৫টা উইকেট হেৰুৱাই ২২৯ ৰান সংগ্ৰহ কৰি লক্ষ্যত উপনীত হয়।

আঘাতৰ পৰা সুস্থ হৈ উঠি দললৈ উভতি আহিছিল নিয়মীয়া অধিনায়ক পেট কামিন্স। তেওঁৰ অনুপস্থিতিত দলটোৰ নেতৃত্ব দিছিল ঈশান কিষানে। কিষানে ৩১টা বলত ৭৪ ৰানৰ উজ্জ্বল ইনিংছ খেলিছিল, য’ত ১১টা চাৰি আৰু ৩টা ছয়কে ধৰি খেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিছিল।

খেলৰ অন্তত ঈশানে কয় যে খেলপথাৰখন বেটিঙৰ বাবে ভাল আৰু দলৰ প্ৰচেষ্টা আছিল ৰাজস্থানক ২৩০ ৰানতকৈ কম ৰানত সীমাবদ্ধ কৰা, যিটো তেওঁলোকে সফল হ’ল। অধিনায়কত্বৰ অভিজ্ঞতা সন্দৰ্ভত তেওঁ কয় যে দলটোক সাতখন মেচৰ বাবে নেতৃত্ব দিয়াটো আনন্দৰ কাম আছিল। কামিন্সৰ প্ৰত্যাৱৰ্তনে দলটোক বলিঙৰ ক্ষেত্ৰত অতিৰিক্ত শক্তি প্ৰদান কৰিছে। তেওঁ দললৈ অহাৰ সময়ত মই অতি সুখী আছিলো কাৰণ তেওঁ এজন ডাঙৰ অধিনায়ক, গতিকে মই নেতৃত্বতকৈ মোৰ বেটিং আৰু উইকেট কিপিঙত বেছি গুৰুত্ব দি আছিলো।’

ডাঙৰ টাৰ্গেট খেদি যোৱাৰ সন্দৰ্ভত তেওঁ কয় যে ২২৮ ৰানৰ দৰে ডাঙৰ স্ক’ৰ খেদি যোৱাৰ সময়ত পাৱাৰপ্লেত ভাল আৰম্ভণি অতি গুৰুত্বপূৰ্ণ।ট্ৰেভিছ হেড আৰু অভিষেক শৰ্মাৰ দৰে আক্ৰমণাত্মক অ’পেনাৰৰ উপস্থিতিয়ে মিডল অৰ্ডাৰ বেটছমেনৰ কাম সহজ কৰি তোলে। তেওঁ বুজাই দিলে যে আমি স্ক’ৰ কৰিবলগীয়া ৰান ৰেট জানো। মই মাত্ৰ মোৰ শ্বটবোৰ খেলি আছিলো। মাজৰ অভাৰত আমাৰ ভাল অংশীদাৰিত্ব আছিল, আৰু ইয়াৰ ফলত আমাৰ দলটোৱে বহুখিনি লাভৱান হৈছিল। শেষত ঈশানে কয় যে তেওঁৰ শ্ৰেষ্ঠ প্ৰদৰ্শন এতিয়াও আহিবলগীয়া আছে।

এই জয়ৰ জৰিয়তে হায়দৰাবাদে ১০ পইণ্ট আৰু +০.৮১৫ ৰান ৰেটেৰে পইণ্ট টেবুলৰ তৃতীয় স্থানলৈ উন্নীত হয়। দলটোৱে ৮ খন খেলৰ ভিতৰত ৫ খন খেলত জয়লাভ কৰিছে। ৰাজস্থানেও ১০ পইণ্ট লাভ কৰি চতুৰ্থ স্থানত আছে। বৰ্তমান ১৩ পইণ্টেৰে আগবাঢ়ি আছে পঞ্জাব কিংছ। দ্বিতীয় স্থানত আছে ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande