১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ বিস্ফোৰক শতক অসাৰ, ছানৰাইজাৰ্ছ হায়দৰাবাদৰ ৰাজস্থান ৰয়েলছক ৫ উইকেটত পৰাজিত
জয়পুৰ, ২৫ এপ্ৰিল (হি.স.)। ইণ্ডিয়ান প্রিমিয়াৰ লীগ ২০২৬ৰ ৩৬ সংখ্যক মেচত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ ঐতিহাসিক শতক অর্জন কৰাৰ পাছতো পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় ৰাজস্থান ৰয়েলছ৷ প্ৰথমে বেটিং কৰি ৰাজস্থানে ২০ অভাৰত ৬ উইকেটত ২২৮ ৰান সংগ্ৰহ কৰে। বৈ
15 साल के वैभव सूर्यवंशी का धमाकेदार शतक बेकार, सनराइजर्स हैदराबाद ने राजस्थान रॉयल्स को 5 विकेट से हराया


জয়পুৰ, ২৫ এপ্ৰিল (হি.স.)। ইণ্ডিয়ান প্রিমিয়াৰ লীগ ২০২৬ৰ ৩৬ সংখ্যক মেচত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ ঐতিহাসিক শতক অর্জন কৰাৰ পাছতো পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় ৰাজস্থান ৰয়েলছ৷

প্ৰথমে বেটিং কৰি ৰাজস্থানে ২০ অভাৰত ৬ উইকেটত ২২৮ ৰান সংগ্ৰহ কৰে। বৈভৱ সূৰ্যবংশীয়ে দলৰ হৈ বিস্ফোৰক ইনিংছ খেলি মাত্ৰ ৩৭ বলত ১০৩ ৰান সংগ্ৰহ কৰি ৩৬ বলত দ্বিতীয়টো আই পি এল শতক অৰ্জন কৰে। তেওঁ নিজৰ ইনিংছত ১২টা ছয় আৰু ৫টা চাৰি ৰান কৰাৰ বিপৰীতে ধ্ৰুৱ জুৰেলে ৫১ ৰান আৰু ড’নভান ফেৰেইৰাই ১৬টা বলত ৩৩ ৰান সংগ্ৰহ কৰে।

২২৯ ৰানৰ লক্ষ্যৰ খেদি খেদি হায়দৰাবাদে ১৮.৩ অভাৰত ৫টা উইকেট হেৰুৱাই মেচখনত জয়লাভ কৰে। দলটোৰ হৈ ঈশান কিষানে ত্বৰিত ৭৪ আৰু অভিষেক শৰ্মাই ৫৭ ৰান সংগ্ৰহ কৰে। নীতিশ কুমাৰ ৰেড্ডীয়েও ৩৬ ৰান আৰু হাইনৰিচ ক্লাচেনে ২৯ ৰানেৰে উল্লেখযোগ্য অৱদান আগবঢ়ায়।

ৰাজস্থানৰ হৈ জোফ্ৰা আৰ্চাৰ আৰু ব্ৰজেশ শৰ্মাই ২টাকৈ উইকেট দখল কৰাৰ বিপৰীতে হায়দৰাবাদৰ হৈ ঈশান মালিংগাই ২টা উইকেট দখল কৰে।

এই জয়ৰ জৰিয়তে ছানৰাইজাৰ্ছ হায়দৰাবাদ পইণ্ট তালিকাৰ তৃতীয় স্থানলৈ উন্নীত হোৱাৰ বিপৰীতে ৰাজস্থান ৰয়েলছ নেট ৰান ৰেটৰ উন্নত হোৱাৰ বাবে চতুৰ্থ স্থানলৈ পিছলি পৰে। দুয়োটা দলে এতিয়া ১০ পইণ্টকৈ লাভ কৰিছে যদিও হায়দৰাবাদ আগবাঢ়ি আছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande