নিশামণি হালৈৰ বাসগৃহত শোককুল পৰিৱেশ
তামুলুপুৰ, ২৬ এপ্ৰিল (হি.স.)। নিশামণি হালৈৰ বাসগৃহত শোককুল পৰিৱেশ। ২৪ এপ্ৰিলৰ পুৱতি নিশা সংঘটিত ৰাজ্য কঁপাই যোৱা দূৰ্ঘটনাত নিহত নিশামণি হালৈৰ ঘৰখনত শোকাকুল পৰিৱেশ। ৰমেন হালৈৰ একমাত্ৰ কন্যা নিশামণিয়ে কষ্টোপাৰ্জিত ধনেৰে নিৰ্মাণ কৰি থকা সপোনৰ ঘৰটো হ
নিশামণি হালৈৰ বাসগৃহত শোককুল পৰিৱেশ


তামুলুপুৰ, ২৬ এপ্ৰিল (হি.স.)। নিশামণি হালৈৰ বাসগৃহত শোককুল পৰিৱেশ। ২৪ এপ্ৰিলৰ পুৱতি নিশা সংঘটিত ৰাজ্য কঁপাই যোৱা দূৰ্ঘটনাত নিহত নিশামণি হালৈৰ ঘৰখনত শোকাকুল পৰিৱেশ।

ৰমেন হালৈৰ একমাত্ৰ কন্যা নিশামণিয়ে কষ্টোপাৰ্জিত ধনেৰে নিৰ্মাণ কৰি থকা সপোনৰ ঘৰটো হৈ ৰ’ল আধৰুৱা। বাৰে বাৰে অসুস্থ হৈ পৰিছে মাতৃ গীতামণি হালৈ। স্হানীয় চিকিৎসকে নিৰীক্ষণ কৰি আছে মাতৃৰ স্বাস্থ্য।

শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিবলৈ বিভিন্ন দল সংগঠন উপস্থিত হৈছে নিশামণি হালৈৰ স্বগৃহত। আজি নিশামণিৰ বাসগৃহত তামুলুপৰ জিলা কেওট জাতীয় পৰিষদৰ বিষয়ববীয়া উপস্থিত হৈ শোক সন্তপ্ত পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰে

প্ৰতিটো মুহূৰ্ততে আত্মীয় স্বজনৰ লগতে অঞ্চলবাসীয়ে সাহস দিছে দুৰ্ভগীয়া পৰিয়ালটোক।

ইয়াৰ লগতে শুক্লাই ছেৰফাং ব্লক বিপিএফৰ বিষয়ববীয়াও আজি উপস্থিত পৰিয়ালটোৰ খবৰ লয়। শিল্পী নিশামণি হালৈৰ স্মৃতি জীয়াই ৰখাৰ স্বাৰ্থত নিশামণি হালৈৰ ঘৰলৈ যোৱা পথটো পকীকৰণ কৰি নিশামণি হালৈৰ নামেৰে নামকৰণ কৰিব বুলি সংবাদমেল যোগে ঘোষণা কৰে শুক্লাই ছেৰফাং ব্লক বিপিএফৰ সাধাৰণ সম্পাদক দিগন্ত বেজবৰুৱাই আৰু উপসভাপতি বাবুল বড়োই।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande