গুৱাহাটীত সংঘটিত পথ দুৰ্ঘটনাত নিহত পূজা সাহা গোৱালপাৰাৰ কৃষ্ণাইৰ
গোৱালপাৰা, ২৬ এপ্ৰিল (হি.স.)। আজি পুৱতি নিশা গুৱাহাটীত সংঘটিত হোৱা শোকাৱহ পথ দুৰ্ঘটনাত নিহত তিনি যুৱতীৰ ভিতৰত পূজা সাহা নামৰ যুৱতী গৰাকীৰ প্ৰকৃত ঘৰ গোৱালপাৰাৰ কৃষ্ণাইৰ জ্যোতিনগৰত ৷ কিন্তু পূজাসহ পৰিয়াল ব্যৱসায় সূত্ৰে বহু বছৰৰ পৰা বসবাস কৰিছিল মেঘাল
গুৱাহাটীত সংঘটিত পথ দুৰ্ঘটনাত নিহত পূজা সাহা গোৱালপাৰাৰ কৃষ্ণাইৰ


গোৱালপাৰা, ২৬ এপ্ৰিল (হি.স.)। আজি পুৱতি নিশা গুৱাহাটীত সংঘটিত হোৱা শোকাৱহ পথ দুৰ্ঘটনাত নিহত তিনি যুৱতীৰ ভিতৰত পূজা সাহা নামৰ যুৱতী গৰাকীৰ প্ৰকৃত ঘৰ গোৱালপাৰাৰ কৃষ্ণাইৰ জ্যোতিনগৰত ৷ কিন্তু পূজাসহ পৰিয়াল ব্যৱসায় সূত্ৰে বহু বছৰৰ পৰা বসবাস কৰিছিল মেঘালয়ৰ গাৰো পাহাৰৰ উলিয়াম নগৰত। সৰুৰে পৰা মেঘালয়তে ডাঙৰ দীঘল হোৱা পূজাই স্কুলীয়া শিক্ষাও মেঘালয়তে গ্ৰহণ কৰিছিল ৷

পূজাৰ পৰিয়াল মেঘালয়ত থাকে কিন্তু তেওৰ কিছু আত্মীয় গোৱালপাৰাৰ কৃষ্ণাইত থাকে। নিহত গৰাকীৰ আত্মীয়ই সংবাদ মাধ্য়মক অবগত কৰা অনুসৰি গুৱাহাটীৰ কোনো বেংকত কাম কৰিছিল পূজা সাহা ৷ দুৰ্ঘটনাৰ খৱৰ লাভ কৰি মেঘালয়ৰ পৰা দেউতাক আৰু কৃষ্ণাইৰ পৰা কিছু আত্মীয় ইতিমধ্যে গুৱাহাটীলৈ ৰাওঁনা হৈছে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande