গোৱালপাৰাৰ বালিজানাত বিধ্বংসী অগ্নিকাণ্ড
গোৱালপাৰা, ২৬ এপ্ৰিল (হি.স.)। গোৱালপাৰাৰ বালিজানাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। বালিজানা বজাৰত থকা গেলামালৰ দোকানত সংঘটিত হৈছে এই অগ্নিকাণ্ড। গেলামালৰ দোকানৰ পৰা আৰম্ভ হোৱা এই অগ্নিকাণ্ডৰ লাহে লাহে ভয়াৱহ ৰূপ ধাৰণ কৰে আৰু এই জুয়ে বজাৰৰ আন আন
গোৱালপাৰাৰ বালিজানাত বিধ্বংসী অগ্নিকাণ্ড


গোৱালপাৰা, ২৬ এপ্ৰিল (হি.স.)। গোৱালপাৰাৰ বালিজানাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। বালিজানা বজাৰত থকা গেলামালৰ দোকানত সংঘটিত হৈছে এই অগ্নিকাণ্ড।

গেলামালৰ দোকানৰ পৰা আৰম্ভ হোৱা এই অগ্নিকাণ্ডৰ লাহে লাহে ভয়াৱহ ৰূপ ধাৰণ কৰে আৰু এই জুয়ে বজাৰৰ আন আন দোকানলৈও বিয়পি যোৱাৰ সম্ভাৱনাই দেখা দিয়ে। স্থানীয় লোকসকলে ততাতৈয়াকৈ জুই নুমোৱাৰ চেষ্টা অব্যাহত ৰখাৰ লগতে অগ্নিনিৰ্বাপক বাহিনীৰ লোককো খবৰ দিয়ে। খবৰ লাভ কৰাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ী ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত এই জুইত নিয়ন্ত্ৰণ লাভ কৰে।এই অগ্নিকাণ্ডত এটা গুদাম, দোকানত থকা সা সামগ্ৰী জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

এই অগ্নিকাণ্ডৰ ফলত কেইবালাখ টকাৰ সা সামগ্ৰী জুইত জাহ যায়। ইফালে এই অগ্নিকাণ্ডৰ সূত্ৰপাত কিদৰে হল সেই কথা জানিব পৰা হোৱা নাই যদিও

বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande