
শিৱসাগৰ, ২৬ এপ্ৰিল (হি.স.)। শিৱসাগৰৰ বি জি ৰোডত ভয়ংকৰ ঘটনা ৷ আন এক অভিশপ্ত যমুনা ৰোড কাণ্ড সংঘটিত হোৱাৰ পৰা কথমপি ৰক্ষা ৷গেছ পৰিবাহী পাইপ আৰু পানী পৰিবাহী পাইপক কেন্দ্ৰ কৰি বি জি ৰোডত উত্তপ্ত পৰিস্থিতি ৷ কথমপি ৰক্ষা পৰিল এটা পেট্ৰল পাম্পৰ লগতে এটা বৃহৎ জনবসতিপুৰ্ণ অঞ্চল ৷কৌশল শৰ্মা নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে খোৱা পানীৰ ভঙাক কেন্দ্ৰ কৰি ক্ষোভিত ৰাইজ ৷
বি জি ৰোডৰ শ শ পৰিয়াল বঞ্চিত খোৱা পানীৰ পৰা ৷বিগত দিনটোতো অনুৰূপ ধৰণে কৌশল শৰ্মা প্ৰতিষ্ঠানে খোৱাপানীৰ পাইপ ভঙা স্থানত পুণৰ কাম কৰিবলৈ আহি ভাঙি পেলালে অসম গেছ কোম্পানীৰ গেছ পৰিবাহী পাইপ ৷কৌশল শৰ্মা নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানে পেট্ৰল পাম্পৰ কাষতে কাম কৰাৰ সময়ত অগ্নি নিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত নৰখাৰ বিস্ফোৰক অভিযোগ ৰাইজৰ ৷এটা সপ্তাহে পৌৰ নিগম কৰ্তৃপক্ষক ৰাইজে অভিযোগ দাখিলৰ পিছতো পানীৰ পাইপ ডাল মেৰামতি নকৰাৰ অভিযোগ ৷বিশেষকৈ গেছ পৰিবাহী পাইপ কৌশল শৰ্মা প্ৰতিষ্ঠানে ভঙা স্থানত বোকা মাটিৰে ঢাকি ৰাইজক বিপদৰ মাজলৈ ঠেলি দিয়াৰ গুৰুতৰ অভিযোগ ৷
ইয়াৰ পৰিপ্ৰেক্ষিতত ক্ষোভিত ৰাইজে আজি পুণৰ বিপদজনক স্থানত কাম কৰিবলৈ অহা কৌশল শৰ্মা প্ৰতিষ্ঠানক জবাবদিহি কৰাৰ লগতে কাম বন্ধ কৰি দিয়ে ৷ উল্লেখ্য যে ২০২৩ চনত যমুনাৰোড চাৰিআলিত এনেদৰে অগ্নিনিৰ্বাপক বাহিনীৰ অনুপস্থিতিত গেছ পৰিবাহী পাইপ মেৰামতি কৰিবলৈ যোৱাৰ সময়ত এটি তিনিবছৰীয়া কন্যা শিশু জীৱন্তে অগ্নিদগ্ধ হোৱাৰ লগতে মাতৃ গৰাকী গুৰুতৰ ভাৱে আহত হৈছিল ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ