
তামুলপুৰ, ২৬ এপ্ৰিল (হি.স.)। তামুলপুৰৰ পুৰাণ চ’কস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত আজি উত্তৰ-পূব ফাউণ্ডেশ্যন ফৰ চাচটেইনেবল ফিউচাৰ্ছৰ উদ্যোগত আৰু গুৱাহাটীৰ শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ সহযোগত এটি বিনামূলীয়া চকু পৰীক্ষা শিবিৰ সফলতাৰে সম্পন্ন হৈ যায়।
আজি পুৱাৰে পৰা অনুষ্ঠিত হোৱা এই শিবিৰত অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা অহা তিনি শতাধিক লোকে অংশগ্ৰহণ কৰি তেওঁলোকৰ চকু পৰীক্ষা কৰায়। উন্নত মানৰ আধুনিক যন্ত্ৰপাতিৰ জৰিয়তে বিশেষজ্ঞ চিকিৎসকৰ দলে ৰাইজৰ চকু পৰীক্ষা কৰাৰ লগতে প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়ায় আৰু শিবিৰত উপস্থিত থকা ৰোগীসকলক প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা বিনামূলীয়াকৈ উপযুক্ত ঔষধ আৰু চশমাও যোগান ধৰা হয়। বিশেষকৈ আৰ্থিকভাৱে পিছপৰা লোকসকলক উন্নত চকু চিকিৎসা সেৱা প্ৰদান কৰাৰ উদ্দেশ্যৰে আয়োজন কৰা এই মহানুভৱতাৰ বাবে স্থানীয় ৰাইজে আয়োজক সমিতিক ধন্যবাদ জ্ঞাপন কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা