প্ৰযুক্তিগত সামৰ্থ্যই ৰাষ্ট্ৰসমূহৰ শক্তিৰ সংজ্ঞা দিব: জিতেন্দ্ৰ সিং
নতুন দিল্লী, ২৬ এপ্ৰিল (হি.স.)। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি আৰু পৃথিৱী বিজ্ঞান বিভাগৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) ড° জিতেন্দ্ৰ সিঙে দেওবাৰে কয় যে সামূহিক প্ৰচেষ্টাৰ জৰিয়তে ভাৰত কেৱল উন্নত ৰাষ্ট্ৰ হোৱাই নহয়, বিশ্বৰ প্ৰগতিৰ ক্ষেত্ৰতো
केंद्रीय विज्ञान एवं प्रौद्योगिकी मंत्री डॉ. जितेंद्र सिंह (फाइल फोटो)


নতুন দিল্লী, ২৬ এপ্ৰিল (হি.স.)। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি আৰু পৃথিৱী বিজ্ঞান বিভাগৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) ড° জিতেন্দ্ৰ সিঙে দেওবাৰে কয় যে সামূহিক প্ৰচেষ্টাৰ জৰিয়তে ভাৰত কেৱল উন্নত ৰাষ্ট্ৰ হোৱাই নহয়, বিশ্বৰ প্ৰগতিৰ ক্ষেত্ৰতো এক নতুন দিশ প্ৰদান কৰিব। অনাগত দশকবোৰত যিকোনো ৰাষ্ট্ৰৰ শক্তিৰ সংজ্ঞা নিৰূপণ হ’ব ইয়াৰ প্ৰযুক্তিগত সামৰ্থ্যৰ দ্বাৰা।

ভাৰ্চুৱেলি লছ এঞ্জেলছত অনুষ্ঠিত হোৱা অল-আই আই টি প্ৰাক্তন ছাত্ৰ সন্মিলনত ভাষণ দি ড০ সিঙে এই মন্তব্য কৰে। এই বিশ্বব্যাপী সন্মিলনত বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰযুক্তিৰ নেতা, উদ্যোগী, বিনিয়োগকাৰী আৰু গৱেষকসকলে অংশগ্ৰহণ কৰে।

এই উপলক্ষে ড০ জিতেন্দ্ৰ সিঙে কয় যে, “প্ৰযুক্তিগত সাৰ্বভৌমত্ব লাভ কৰিবলৈ আৰু বিশ্বজুৰি নিজৰ অগ্ৰগতি পুনৰ গঢ় দিবলৈ ভাৰতে জটিল প্ৰযুক্তিৰ ক্ষেত্ৰত আগবাঢ়িব লাগিব।”

নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰতৰ অগ্ৰগতিৰ কথা উল্লেখ কৰি তেওঁ কয় যে দেশখন এতিয়া কেৱল প্ৰযুক্তিৰ গ্ৰাহক নহয় বৰঞ্চ বিশ্বব্যাপী উদ্ভাৱক হিচাপে আত্মপ্ৰকাশ কৰিছে। ২০৪৭ চনৰ ভিতৰত ‘উন্নত ভাৰত’ৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ ভেটি হৈছে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন। মহাকাশ কাৰ্যসূচীৰ সম্প্ৰসাৰণ, জৈৱ প্ৰযুক্তিৰ অগ্ৰগতি, আৰু গভীৰ প্ৰযুক্তিৰ ষ্টাৰ্টআপৰ উত্থান ভাৰতৰ ক্ৰমবৰ্ধমান বিশ্ব শক্তিৰ জীৱন্ত প্ৰমাণ।

ভাৰতীয় প্ৰব্ৰজনকাৰী, বিশেষকৈ আই আই টিৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ অৱদানৰ শলাগ লৈ মন্ত্ৰীগৰাকীয়ে ভাৰত আৰু বিশ্ব উদ্ভাৱন পৰিৱেশ তন্ত্ৰৰ মাজত এক গুৰুত্বপূৰ্ণ সংযোগী হিচাপে অভিহিত কৰে। তেওঁ কয় যে বিনিয়োগ, পথ প্ৰদৰ্শন, আৰু নীতিগত সংযোগৰ জৰিয়তে ভাৰতীয় প্ৰব্ৰজনকাৰীয়ে দেশৰ বৃদ্ধিৰ ট্ৰেজেক্টৰী শক্তিশালী কৰি আহিছে।

ড০ সিঙে অৰ্ধপৰিবাহী, কৃত্ৰিম বুদ্ধিমত্তা, ৰবটিক্স, কোৱাণ্টাম প্ৰযুক্তিৰ দৰে উদীয়মান ক্ষেত্ৰসমূহক ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু অৰ্থনৈতিক স্থিতিস্থাপকতাৰ বাবে অপৰিহাৰ্য বুলি বৰ্ণনা কৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande