
কোকৰাঝাৰ, ২৬ এপ্ৰিল (হি.স.): শ্ৰীৰামপুৰৰ হাৰাফুটা খেলপথাৰত এমএছডি ফেন ক্লাৱ আৰু হাৰাফুটা স্পোৰ্টিং ক্লাবৰ উদ্যোগত এমএছডি ইন্টাৰনেছনেল চ্যাম্পিয়ণ ট্ৰফী ক্ৰিকেট টুৰ্ণামেণ্টৰ এক আকৰ্ষণীয় পৰিবেশত যোৱা কালি শনিবাৰে বিয়লি শুভাৰম্ভ কৰা হয়। শুভাৰম্ভ খেলখনত বৰপেটা আৰু সাপটগ্ৰাম দলৰ মাজত খেল অনুষ্ঠিত হয়।
উদ্বোধনী অনুষ্ঠানত আয়োজক সমিতিয়ে কয় যে, এই ক্ৰীড়া প্ৰতিযোগিতাই কেৱল প্ৰতিভা বিকাশেই নহয়, সামাজিক ঐক্য আৰু ভাতৃত্ববোধো শক্তিশালী কৰে। তেওঁলোকে সকলো খেলুৱৈক ন্যায়সংগত আৰু শৃংখলাপূৰ্ণভাৱে খেলত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। আয়োজক সমিতিয়ে ৰাইজক খেলসমূহ উপভোগ কৰিবলৈ আহ্বান জনায়। লগতে বৰ্তমান সময়ত যুৱক-যুৱতীসকল মোবাইল আৰু নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্ত হৈ পৰাৰ প্ৰসংগ উত্থাপন কৰি কয় যে, এই ক্ৰীড়া টুৰ্ণামেণ্টৰ জৰিয়তে তেওঁলোকক সজাগ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে । খেল-ধেমালিৰ মাজেৰে স্বাস্থ্যসচেতনতা বৃদ্ধি কৰাৰ লগতে সুস্থ জীৱনশৈলীৰ প্ৰতি আগ্ৰহ বঢ়োৱা এই আয়োজনৰ মুখ্য উদ্দেশ্য বুলি উল্লেখ কৰে।
ইয়াৰ উপৰিও তেওঁলোকে অভিভাৱকসকলকো আহ্বান জনায় যে, তেওঁলোকে নিজৰ সন্তানসকলক ক্ৰীড়াৰ দিশে আগবঢ়াবলৈ উৎসাহিত কৰক, যাতে সমাজ এখন সুস্থ আৰু সক্ৰিয় প্ৰজন্মেৰে আগবাঢ়ে। আগন্তুক দিনসমূহত টুৰ্ণামেণ্টখন আৰু অধিক ৰোমাঞ্চকৰ হৈ উঠিব বুলি আশা প্ৰকাশ কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ