ছোটোগুমাত আৰক্ষীৰ অভিযানত জব্দ উন্নত জাতৰ গো-ধন
ছোটোগুমাত আৰক্ষীৰ অভিযানত জব্দ উন্নত জাতৰ গো-ধন।
ছোটোগুমাত আৰক্ষীৰ অভিযানত জব্দ উন্নত জাতৰ গো-ধন


ধুবুৰী, ২৬ এপ্ৰিল (হি.স.): অসম বংগ সীমান্তৰ ছোটোগুমাত আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছে উন্নত জাতৰ গো-ধন। ছোটোগুমা আৰক্ষীৰ অভিযানত জব্দ কৰা হয় গৰু কেইটা।

উল্লেখযোগ্য যে ১৬ চকীয়া মালবাহী ট্ৰাক এখনৰ ভিতৰত আনিছিল চোৰাং গো-ধন সমূহ। আৰক্ষীয়ে কৈমাৰী বিদ্যাৰডাবৰী চাৰিআলি বজাৰত অভিযান চলাই আটক কৰে গৰু ভৰ্তি ট্ৰাকখন। ইফালে আৰক্ষীক দেখি গাড়ী এৰি পলায়ন কৰে পশুধন সৰবৰাহ কৰা ট্ৰাক খনৰ চালক আৰু হেণ্ডিমেনে। জব্দকৃত গৰু ভৰ্তি বাহনখনৰ নম্বৰ এএছ ১৯ এচি ৫২০১ বুলি জনা গৈছে। উল্লেখ্য যে ৰাজ্যত গো ধন সৰবৰাহ নিষিদ্ধ কৰা হৈছে যদিও চোৰাং সৰবৰাহকাৰীয়ে নিতৌ ন ন কৌশল অৱলম্বন কৰি পশুধন সৰবৰাহ কৰি আহিছে। আনহাতে ইয়াৰ বিৰুদ্ধে আৰক্ষীয়ে সতৰ্ক নিৰীক্ষণ অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande