চাপৰৰ চৰকাৰী প্ৰতিষ্ঠান,বিদ্য়ালয়ত চোৰৰ লুতপাত
ধুবুৰী, ২৬ এপ্ৰিল (হি.স.)। নিশা চাপৰৰ বহলপুৰৰ বিভিন্ন স্থানত চোৰৰ চাফাই অভিযান। চাৰিটাকৈ চৰকাৰী প্ৰতিষ্ঠানত নিশা চোৰে লুটপাত কৰি নিলে বিভিন্ন সামগ্ৰী। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা বহলপুৰ গাওঁ পঞ্চায়তৰ কাৰ্যালয়ৰ তোলা ভাঙি চোৰে লুটি নিলে ত
চাপৰৰ চৰকাৰী প্ৰতিষ্ঠান,বিদ্য়ালয়ত চোৰৰ লুতপাত


ধুবুৰী, ২৬ এপ্ৰিল (হি.স.)। নিশা চাপৰৰ বহলপুৰৰ বিভিন্ন স্থানত চোৰৰ চাফাই অভিযান। চাৰিটাকৈ চৰকাৰী প্ৰতিষ্ঠানত নিশা চোৰে লুটপাত কৰি নিলে বিভিন্ন সামগ্ৰী। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা বহলপুৰ গাওঁ পঞ্চায়তৰ কাৰ্যালয়ৰ তোলা ভাঙি চোৰে লুটি নিলে তিনিখন কৈ চিলিং ফেন আৰু আঠ খন দৰকাৰী ফাইল।

আনফালে বহলপুৰ জে বি স্কুলৰ তলা ভাঙি চুৰি কৰি লৈ গ'ল বিদ্যালয়ত মজুত থকা চাউল। লগতে বহলপুৰৰ দুটাকৈ অংগনবাদী কেন্দ্ৰৰ তলা ভাঙি চোৰে সকলো লণ্ডভণ্ড কৰে যদিও কোনো সামগ্ৰী চুৰি কৰা নাই। ইতিমধ্যে চুৰি হোৱা প্ৰতিষ্ঠান সমূহত চাপৰ আৰক্ষীয়ে উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰে।

উক্ত ঘটনা সন্দৰ্ভত বহলপুৰ গাওঁ পঞ্চায়তৰ সচিবে চাপৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande