
ধুবুৰী, ২৬ এপ্ৰিল (হি.স.)। তামাৰহাটৰ আলোকঝাৰী সাত বেষমা মেলালৈ গৈ নিখোজ এজন ১৩ বছৰীয়া কিশোৰ । ধুবুৰী থানাৰ অন্তৰ্গত আমিনেৰ চৰ পাটামাৰি গাঁৱৰ ছাৰোযাৰ শ্বেখৰ পুত্ৰ দাইদুল ইছলাম ওৰফে ৰাজু নামৰ কিশোৰ জন শুক্ৰবাৰে পুৱাৰ পৰা নিৰুদ্দেশ হৈ আছে । ঘটনাৰ বিবৰণী অনুসৰি দাইদুল ইছলাম ওৰফে ৰাজুয়ে নিজ মাতৃৰ সৈতে তামাৰহাট থানাৰ অন্তৰ্গত মধ্যপেটলা কুমাৰগঞ্জ গাঁওস্থিত মোমায়েকৰ ঘৰলৈ আহিছিল ।
মোমায়েকৰ ঘৰৰ কাষতে অনুষ্ঠিত হৈ থকা আলোকঝাৰী সাত বেষমা মেলালৈ চাইকেল লৈ ওলাই গৈছিল কিশোৰ জন । তেতিয়াৰে পৰা নিৰুদ্দেশ হৈ আছে কিশোৰ জন । ইপিনে নিজ গৃহ বা মোমায়েকৰ ঘৰতো বৰ্তমানলৈকে উপস্থিত হোৱা নাই কিশোৰ জন । পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে জন্মৰ পৰাই মুখবধিৰ আছিল দাইদুল ইছলাম ওৰফে ৰাজু । নিখোজ হোৱাৰ সময়ত কিশোৰ জনৰ শৰীৰত আছিল সেউজীয়া ৰঙৰ টি-চাৰ্ট আৰু নীলা ৰঙৰ জিঞ্চ পেন্ট । উল্লেখ্য যে দাঁতৰ বেমাৰৰ বাবে ওপৰৰ পাৰীৰ দাঁত নাছিল কিশোৰ জনৰ ।
ইতিমধ্যে পৰিয়ালৰ লগতে আত্মীয়ই কিশোৰ জনক বিচাৰি হাবাথুৰি খাইছে । ঘটনা সন্দৰ্ভত আত্মীয়ই তামাৰহাট আৰক্ষীক অৱগত কৰে । কোনো সদাশয় ব্যক্তিয়ে মুখবধি কিশোৰ জনক দেখা পালে ওচৰৰ আৰক্ষী থানাত যোগাযোগ কৰাৰ বাবে আহ্বান জনাইছে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা