
শিৱসাগৰ, ২৬ এপ্ৰিল (হি.স.)। শিৱসাগৰৰ সন্মিলিত ৰঙালী বিহু সন্মিলনৰ লাইখুঁটা স্থাপন।
আগন্তুক ৯,১০ আৰু ১১ মে'ত শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া বিহু খনৰ আজি লাইখুঁটা স্থাপন কৰা হয়
পুৰোহিতৰ আশীৰ্বাদ-মন্ত্ৰেৰে লাইখুঁটা স্থাপন কৰি বিহু খনৰ কুশল কামনা কৰা হয়।
অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অবিহনে ম্লান পৰা বিহুখনে বিগত বছৰবোৰৰ দৰে বিভিন্ন সংস্কৃতিক কাৰ্যসূচী হাতত ৰখা হৈছে যদিও শিৱসাগৰ সমাজ জীৱনৰ ২৯ গৰাকী বিশিষ্ট ব্যক্তিক এইবাৰৰ বিহু মঞ্চত সম্বৰ্ধনা জনোৱা হ'ব।লগতে বিগত চাৰি বছৰৰ পৰা প্ৰৱৰ্তন কৰা আন্তঃ বিদ্যালয় হুঁচৰি প্ৰতিযোগিতাখনো এইবাৰো আটকধুনীয়াকৈ আয়োজন কৰা হৈছে বুলি বিহু আয়োজন সমিতিৰ সাধাৰণ সম্পাদক শৰৎ হাজৰিকাই জানিবলৈ দিয়ে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু