প্ৰতিকূল বতৰৰ বাবে বাতিল কৰা হ'ল নাজিৰাৰ গেলেকী কেন্দ্ৰীয় ৰঙালী বিহু
শিৱসাগৰ, ২৬ এপ্ৰিল (হি.স.)। প্ৰতিকূল বতৰ আৰু অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অৱৰ্তমানত বাতিল কৰা হ''ল নাজিৰাৰ গেলেকী কেন্দ্ৰীয় ৰঙালী বিহু। ক্ষেত্ৰস্থলৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহ''ল। বিগত পঞ্চদশ বৰ্ষলৈকে নাজিৰাৰ গেলেকী বাসী ৰাইজে গেলেকী উচ্চ
প্ৰতিকূল বতৰৰ বাবে বাতিল কৰা হ'ল নাজিৰাৰ গেলেকী কেন্দ্ৰীয় ৰঙালী বিহু


শিৱসাগৰ, ২৬ এপ্ৰিল (হি.স.)। প্ৰতিকূল বতৰ আৰু অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অৱৰ্তমানত বাতিল কৰা হ'ল নাজিৰাৰ গেলেকী কেন্দ্ৰীয় ৰঙালী বিহু। ক্ষেত্ৰস্থলৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহ'ল। বিগত পঞ্চদশ বৰ্ষলৈকে নাজিৰাৰ গেলেকী বাসী ৰাইজে গেলেকী উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰি আহিছে গেলেকী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন ।

প্ৰায় ডেৰ মাহৰোধিক কাল মুচলধাৰ বৰষুণৰ ফলত আৰু পুনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নোহোৱা বাবে চলিত বছৰৰ ষষ্ঠদশ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন খন বাতিল কৰা হৈছে। উল্লেখ্য যে, উক্ত খেল পথাৰ খন বিগত দুটা মাহৰ আগৰ পৰা স্থানীয় বিধায়ক উন্নয়ন পুঁজিৰ আৱণ্টিত ধনেৰে পুনৰ নিৰ্মাণৰ কাম চলাই থকা হৈছে। ক্ষেত্ৰস্থলৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নোহোৱাৰ লগতে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অৱৰ্তমানত এই বছৰ ষষ্ঠদশ গেলেকী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন খন বাতিল কৰিব লগা হোৱাত আয়োজক সমিতিয়ে বিহু সন্মিলন খনত গীতৰ শৰাই বাবে আমন্ত্ৰণ জনোৱা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী গীতাঞ্জলি দাসৰ লগতে গেলেকী বাসী ৰাইজৰ তথা অসমৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰি কৰজোৰ কৰিছে ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande