
ইছলামাবাদ, ২৬ এপ্ৰিল (হি.স.)। দেশৰ বেলুচিস্তান প্ৰদেশত স্বাধীনতা সমৰ্থক বিদ্ৰোহী সংগঠন বেলুচিস্তান লিবাৰেশ্যন ফ্ৰণ্টৰ (বিএলএফ) আক্ৰমণত দুজন পাকিস্তানী সামৰিক বিষয়া নিহত হয় । এই বিষয়াসকলক কঢ়িয়াই অনা কনভয়টো সম্পূৰ্ণৰূপে ধ্বংস হয়। বিএলএফৰ মুখপাত্ৰ মেজৰ ঘোৰাম বালোচে সংবাদ মাধ্যমৰ বিবৃতিত এই ঘোষণা কৰে। অৱশ্যে সেনাই এই সন্দৰ্ভত এতিয়াও কোনো মন্তব্য কৰা নাই।
দ্য বেলুচিস্তান পোষ্টৰ মতে, বিএলএফৰ মুখপাত্ৰ ঘোৰাম বালুচে জনোৱা মতে, ২৫ এপ্ৰিলত বিদ্ৰোহী যোদ্ধাই খুজদাৰৰ জৱাহ অঞ্চলত শিবিৰ সলনি কৰি থকা সামৰিক বিষয়াৰ কনভয়ত ৰিম’ট কণ্ট্ৰ’লড বোমা (আইইডি) বিস্ফোৰণ কৰিছিল। বাহনখন সম্পূৰ্ণৰূপে ধ্বংস হয়। বাহনখনত থকা দুজন বিষয়া থিতাতে নিহত হোৱাৰ লগতে আন দুজন গুৰুতৰভাৱে আহত হয়।
তেওঁ কয় যে আন এটা অভিযানত ২৪ এপ্ৰিলত নুস্কিৰ মিল অঞ্চলৰ এখন আৰক্ষী থানাত যোদ্ধাসকলে আক্ৰমণ কৰি দখল কৰিছিল, যাৰ ফলত ইয়াৰ যোগাযোগ সঁজুলিসমূহ অক্ষম হৈ পৰিছিল । ইফালে প্ৰত্য়াক্ৰমণত এজন আৰক্ষী বিষয়া আহত হয়। লগতে ২৪ এপ্ৰিলত খাৰাণ চহৰৰ সেনা মুখ্য কাৰ্যালয়ত গ্ৰেনেড লঞ্চাৰে আক্ৰমণ কৰে।
ইয়াৰ এদিন পূৰ্বে ২৩ এপ্ৰিলত বিএলএফৰ যোদ্ধাসকলে খুজদাৰ অঞ্চলৰ জৱাহৰ কুৱেটা-কাৰাচি মূল ঘাইপথ সম্পূৰ্ণৰূপে অৱৰোধ কৰিছিল। তিনি ঘণ্টা ধৰি ঘাইপথত সকলো ধৰণৰ যান-বাহন আৰু সন্দেহজনক কাৰ্যকলাপৰ বাবে তীক্ষ্ণ নজৰ ৰখা হৈছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া