
বৰপেটা, ২৬ এপ্ৰিল (হি.স.)। বাঘবৰত আৰক্ষীৰ গাঞ্জা বিৰোধী অভিযান। বাঘবৰ থানাৰ অন্তৰ্গত মিলিজুলি বজাৰৰ ইব্ৰাহিম আলীৰ দোকানৰ লগতে ঘৰৰ পৰা নিশা আৰক্ষীয়ে তালাচি চলাইছিল বৃহত পৰিমাণৰ নিষিদ্ধ গাঞ্জা উদ্ধাৰ কৰে। দীৰ্ঘদিনৰ পৰা ইব্ৰাহিম আলীয়ে মিলিজুলি বজাৰ স্থিত নিজৰ গেলামাল দোকানত গাঞ্জা বিক্ৰী কৰা অভিযোগ উত্থাপিত হৈছিল।
যোৱা নিশা বাঘবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কৃষ্ণকাম বৰদলৈৰ নেতৃত্বত বাঘবৰ আৰক্ষীৰ এটা দলে ধৃত ইব্ৰাহিম আলীৰ দোকানৰ লগতে ঘৰত অভিযান চলাই ৮ কেজি গাঞ্জা সহ ইব্ৰাহিম আলীক আৰক্ষীয়ে আটক কৰে ।
বাঘবৰ আৰক্ষীয়ে ৩৩/২৬ নম্বৰত নিচা বিৰোধী আইনৰ অধিনত এক গোচৰ পঞ্জীয়ন কৰি অধিক তথ্যৰ বাবে ধৃত ইব্ৰাহিম আলীক সোধাপোচা অৱ্যাহত ৰাখিছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু