তামুলপুৰৰ কলবাৰী গাঁৱৰ জীয়ৰী পিংকি বসুমতাৰীৰ বিৰল সফলতা
তামুলপুৰ, ২৬ এপ্ৰিল (হি.স.)। তামুলপুৰৰ কলবাৰী গাঁৱৰ জীয়ৰী পিংকি বসুমতাৰীৰ বিৰল সফলতা। চিৰাং জিলাৰ ঢালিগাঁৱত অনুষ্ঠিত হৈ যোৱা ''মিছ ইউনিভাৰ্ছ আছাম ২০২৬''ৰ খিতাপ অৰ্জন কৰি এতিয়া সৰ্বভাৰতীয় পৰ্যায়লৈ নিৰ্বাচিত হৈছে তীৰ্থ বসুমতাৰী আৰু মাকণী বসুমতা
তামুলপুৰৰ কলবাৰী গাঁৱৰ জীয়ৰী পিংকি বসুমতাৰীৰ বিৰল সফলতা


তামুলপুৰ, ২৬ এপ্ৰিল (হি.স.)। তামুলপুৰৰ কলবাৰী গাঁৱৰ জীয়ৰী পিংকি বসুমতাৰীৰ বিৰল সফলতা। চিৰাং জিলাৰ ঢালিগাঁৱত অনুষ্ঠিত হৈ যোৱা 'মিছ ইউনিভাৰ্ছ আছাম ২০২৬'ৰ খিতাপ অৰ্জন কৰি এতিয়া সৰ্বভাৰতীয় পৰ্যায়লৈ নিৰ্বাচিত হৈছে তীৰ্থ বসুমতাৰী আৰু মাকণী বসুমতাৰীৰ কন্যা পিংকি। গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ স্নাতক কলা শাখাৰ ষষ্ঠ ষান্মাসিকৰ শিক্ষাৰ্থীগৰাকীৰ এই গৌৰৱোজ্জ্বল খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোত আনন্দৰ জোৱাৰ উঠিছে।

খিতাপ জয় কৰি নিজ গৃহত উপস্থিত হোৱাৰ লগে লগে কলবাৰী চ’কৰ পৰা খাম, চেৰজা আৰু চিফুঙৰ সুৰৰ মাজত এক বিশাল সমদলেৰে গাঁৱৰ ৰাইজে পিংকিক উষ্ম আদৰণি জনায়। নিজ গৃহত উপস্থিত হোৱাৰ পিছত বিভিন্ন দল-সংগঠনে প্ৰতিভাশালী জীয়ৰীগৰাকীক অভিনন্দন জ্ঞাপন কৰে। ৰাষ্ট্ৰীয় পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰি উৎফুল্লিত হৈ পৰা পিংকিয়ে সাংবাদিকৰ আগত কয় যে, তেওঁৰ লক্ষ্য হৈছে ৰাষ্ট্ৰীয় খিতাপ জয় কৰি ৰাজ্যখনৰ লগতে নিজ অঞ্চলটোলৈ সুনাম কঢ়িয়াই অনা। উল্লেখযোগ্য যে আৰনাই এণ্টাৰটেইনমেণ্ট ক’-অপাৰেটিভ ছ’চাইটি লিমিটেড আৰু আৰ্ট এণ্ড মচন ডান্স ষ্টুডিঅ’ এণ্ড ছ’চাইটিৰ উদ্যোগত এই প্ৰতিযোগিতাখন আয়োজন কৰা হৈছিল।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande