
শিৱসাগৰ, ২৬ এপ্ৰিল (হি.স.)। নাজিৰাৰ শিমলুগুৰি কেন্দুগুৰিৰ ৬৬তম্ বৰ্ষৰ কেন্দুগুৰি আঞ্চলিক দ্বি-বাৰ্ষিক ব’হাগী বিদায় উৎসৱৰ “ৰমণী গাভৰু বঁটা” আৰু “স্বৰ্গীয় বলোৰাম বাইলুং বৰুৱা সোঁৱৰণী কৃষক বঁটা ঘোষণা । আজি সংবাদমেল যোগে কেন্দুগুৰি আঞ্চলিক দ্বি-বাৰ্ষিক ব’হাগী বিদায় উৎসৱৰ “ৰমণী গাভৰু বঁটা” আৰু “স্বৰ্গীয় বলোৰাম বাইলুং বৰুৱা সোঁৱৰণী কৃষক বঁটা ঘোষণা৷
এইবৰ্ষত কেন্দুগুৰি আঞ্চলিক দ্বি-বাৰ্ষিক ব’হাগী বিদায় উৎসৱত “ৰমণী গাভৰু বঁটা” প্ৰদান কৰা হ’ব অসমীয়া বোলছবি জগতৰ অভিনেতা নেত্ৰকাই হিচাপে খ্যাত অৰুণ হাজৰিকালৈ আৰু “স্বৰ্গীয় বলোৰাম বাইলুং বৰুৱা সোঁৱৰণী কৃষক বঁটা প্ৰদান কৰা হ’ব সাপেখাটি ৰহনৰ আদৰ্শবান কৃষক পংকজ বৰুৱালৈ৷
১৫আৰু১৬মে’ ত অনুষ্ঠিত হ’বলগীয়া কেন্দুগুৰি আঞ্চলিক দ্বি-বাৰ্ষিক ব’হাগী বিদায় উৎসৱত ১৬মে’ প্ৰদান কৰা হ’ব “ৰমণী গাভৰু বঁটা” আৰু “স্বৰ্গীয় বলোৰাম বাইলুং বৰুৱা সোঁৱৰণী কৃষক বঁটা৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু