অৰুণাচল প্ৰদেশৰ খাৰচাঙত টাংছা সকলৰ মহ মল উৎসৱৰ সামৰণি
ইটানগৰ, ২৬ এপ্ৰিল (হি.স.)। অৰুণাচল প্ৰদেশৰ খাৰচাঙত ২৫ এপ্ৰিলৰ পৰা দুদিনিয়া কাৰ্যসুচীৰে আৰম্ভ মহ মল উৎসৱ আজি অন্তিম দিনৰ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে আৰম্ভ হল টাংছা সকলৰ উৎসৱ । মহ মল উৎসৱ হৈছে অৰুণাচল প্ৰদেশত অতীজৰে পৰাই বসবাস কৰি অহা টাংছা
অৰুণাচল প্ৰদেশৰ খাৰচাঙত টাংছা সকলৰ মহ মল উৎসৱৰ সামৰণি


ইটানগৰ, ২৬ এপ্ৰিল (হি.স.)। অৰুণাচল প্ৰদেশৰ খাৰচাঙত ২৫ এপ্ৰিলৰ পৰা দুদিনিয়া কাৰ্যসুচীৰে আৰম্ভ মহ মল উৎসৱ আজি অন্তিম দিনৰ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে আৰম্ভ হল টাংছা সকলৰ উৎসৱ । মহ মল উৎসৱ হৈছে অৰুণাচল প্ৰদেশত অতীজৰে পৰাই বসবাস কৰি অহা টাংছা জনজাতীয় লোকসকলৰ এক কৃষিভিত্তিক উৎসৱ ।

এই উৎসৱৰ পাছৰ পৰাই টাংছা জনজাতীয় লোক সকলে তেখেত সকলৰ কৃষি কৰ্মৰ আৰম্ভ কৰে। প্ৰত্যেক বছৰে এপ্ৰিল মাহৰ ২৫ আৰু ২৬ তাৰিখে টাংছা সকলে পালন কৰে এই মহ মল উৎসৱ। মহ মল উৎসৱক লৈ এতিয়া অৰুণাচল প্ৰদেশৰ খাৰচাঙত এক উদুলি মুদুলি পৰিবেশে বিৰাজ কৰিছে। এই উৎসৱত মুখ্য অতিথি ৰূপে উপস্থিত অৰুণাচল প্ৰদেশৰ পূৱ সংসদীয় সমষ্টিৰ সাংসদ টাপিৰ গাৱ, খাৰচাং বিধায়ক কামলু মচাং লগতে বহু গণ্যমান্য ব্যক্তি।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande