চাপৰৰ ৰৌমাৰীত কোটি টকাৰ ছুপাৰী ভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্থ
ধুবুৰী, ২৬এপ্ৰিল (হি.স.)। চাপৰৰ ৰৌমাৰীত কোটি টকাৰ ছুপাৰী ভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্থ। ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল ছুপাৰী ভৰ্তি ট্ৰাক খন । জানিব পৰা মতে বৰপেটাৰ পৰা বক্সিৰহাটলৈ গৈ থকা অৱস্থাত পতিত হয় দূৰ্ঘটনাত। দূৰ্ঘটনাগ্ৰস
চাপৰৰ ৰৌমাৰীত কোটি টকাৰ ছুপাৰী ভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্থ


ধুবুৰী, ২৬এপ্ৰিল (হি.স.)। চাপৰৰ ৰৌমাৰীত কোটি টকাৰ ছুপাৰী ভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্থ। ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল ছুপাৰী ভৰ্তি ট্ৰাক খন । জানিব পৰা মতে বৰপেটাৰ পৰা বক্সিৰহাটলৈ গৈ থকা অৱস্থাত পতিত হয় দূৰ্ঘটনাত। দূৰ্ঘটনাগ্ৰস্থ ১৬ চকীয়া ট্ৰাক খনৰ নম্বৰ এএছ ০১ এএছ ৯৫৭২। দূৰ্ঘটনাত সৌভাগ্য ক্ৰমে ৰক্ষা পৰে কেইবাজনো লোক,কিন্ত সামান্য পৰিমাণে চালক গৰাকী আঘাতপ্ৰাপ্ত হয় ।

দুৰ্ঘটনাত ক্ষতিগ্রস্ত দুখনকৈ বাইক আৰু কিছু সামগ্রী। ট্ৰাকখনত প্ৰায় ৬৫ টন ছুপাৰী আছিল বুলি জানিব পৰা গৈছে। বাৰ্মিজ ছুপাৰী বুলি সন্দেহ, ৰাজ্যত অব্যাহত আছে ছুপাৰীৰ চিণ্ডিকেট। ঘটনা স্থলীত চাপৰ আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande