পুৰাতত্ত্ব বিভাগৰ চৰম অৱহেলাত ধ্বংসৰ গৰাহত শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ দেৱীদ'ল
শিৱসাগৰ, ২৬ এপ্ৰিল (হি.স.)। পুৰাতত্ত্ব বিভাগৰ চৰম অৱহেলা ধ্বংসৰ গৰাহত শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ দেৱীদ''ল। ১৭১৪ ৰ পৰা ১৭৪৪ খ্ৰীষ্টাব্দৰ ভিতৰত স্বৰ্গদেউ শিৱ সিংহৰ ৰাজত্বকালত বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ দিনত নিৰ্মান হোৱা দেৱী দ''ল এতিয়া কেন্দ্ৰীয় পুৰাতত্ব
পুৰাতত্ত্ব বিভাগৰ চৰম অৱহেলাত ধ্বংসৰ গৰাহত শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ দেৱীদ'ল


শিৱসাগৰ, ২৬ এপ্ৰিল (হি.স.)। পুৰাতত্ত্ব বিভাগৰ চৰম অৱহেলা ধ্বংসৰ গৰাহত শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ দেৱীদ'ল। ১৭১৪ ৰ পৰা ১৭৪৪ খ্ৰীষ্টাব্দৰ ভিতৰত স্বৰ্গদেউ শিৱ সিংহৰ ৰাজত্বকালত বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ দিনত নিৰ্মান হোৱা দেৱী দ'ল এতিয়া কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ অৱহেলাৰ বাৱেই এতিয়া ধ্বংসৰ দিশে । দ'লটোৰ বেৰ সমূহত শেলূৱৈ ধৰাৰ লগতে গজি উঠিছে জৰি গছ ।

ঐতিসাহিক সম্পদৰাজিৰ সংৰক্ষণ তথা সৌন্দৰ্য বদ্ধৰ্নৰ বাৱে বছৰি লক্ষাধিক টকা খৰচ কৰা হয় যদিও বিভাগটোৱে দ'লটোৰ ভিতৰতে বাঁহ কাঠৰ গুদাম ঘৰ হিচাপে ব্যৱহাৰ কৰিছে। দ'লৰ মজিয়া বৰগছৰ শিপা বিয়পি পৰাৰ ফলত ফাটি গৈছে মজিয়া। দ'লটোৰ ভিতৰৰ মজিয়া ভেঁকুৰ চানি ধৰিছে ।দ'লটো মেৰামতিৰ নামত চিমেন্ট ব্যৱহাৰ কৰি আয়ুস হ্ৰাস কৰিছে পুৰাতত্ত্ব বিভাগে ।

দেৱালত খোদিত ভাস্কৰ্য্য সমূহ এৰাব ধৰাৰ উপৰিও বনৰীয়া গছ লতাই দেৱাল সমূহ আৱৰি ধৰিছে। কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগৰ অধীনত থকা ঐতিহাসিক দ'লটোৰ সংৰক্ষণৰ দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থা গৌৰীসাগৰ আঞ্চলিক সমিতিয়ে। জিলা আয়ুক্তৰ হস্তক্ষেপ দাবী।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande