
ধুবুৰী, ২৬ এপ্ৰিল (হি.স.)। গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ। আৰক্ষীৰ চকুত ধুলি দি এটা চক্ৰই নিতৌ ন ন কৌশল অৱলম্বন কৰি গো সৰবৰাহ কৰি আহিছে। অসম বংগ সীমান্তৰ ছোটোগুমাত আৰক্ষীৰ অভিযান।চোৰাংচোৱাৰ পৰা লাভ কৰা গোপন তথ্য়ৰ ভিত্তিত আৰক্ষীৰ অভিযানত ১৪ টাকৈউন্নত জাতৰ গো-ধন জব্দ ।
ছোটোগুমা আৰক্ষীৰ অভিযানত জব্দ গৰু কেইটা। মালবাহী ট্ৰাকৰ ভিতৰত আনিছিল চোৰাং গো-ধন সমূহ। পশ্চিমবংগৰ পৰা ভিতৰুৱা পথেৰে অসমত প্ৰৱেশৰ সময়ত আটক কৰে গৰু ভৰ্তি ট্ৰাকখন। গাড়ী এৰি পলায়ন কৰে চালক হেণ্ডিমেন। জব্দকৃত গৰু ভৰ্তি বাহন খনৰ নম্বৰ এএছ১৯ এচি ৫২০১ ।আৰক্ষীৰ চোকা পহৰা সত্বেও অঞ্চলটোত দিৰ্ঘদিনৰ পৰা গৰুৰ চোৰাং সৰবৰাহ অব্য়াহত আছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা