দেৰগাঁৱতো বিশ্ব মেলেৰিয়া দিৱস উদযাপন
গোলাঘাট, ২৫ এপ্ৰিল (হি.স.)। আজি বিশ্ব মেলেৰিয়া দিৱস। দেৰগাঁৱতো বিশ্ব মেলেৰিয়া দিৱস উদযাপন। ২৫ এপ্ৰিল তাৰিখে সমগ্ৰ ৰাজ্যৰ লগতে দেৰগাঁও মিছামৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বিশ্ব মেলেৰিয়া দিৱস পালন কৰা হয়। উক্ত সভাত দেৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত
দেৰগাঁৱতো বিশ্ব মেলেৰিয়া দিৱস উদযাপন


গোলাঘাট, ২৫ এপ্ৰিল (হি.স.)। আজি বিশ্ব মেলেৰিয়া দিৱস। দেৰগাঁৱতো বিশ্ব মেলেৰিয়া দিৱস উদযাপন। ২৫ এপ্ৰিল তাৰিখে সমগ্ৰ ৰাজ্যৰ লগতে দেৰগাঁও মিছামৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বিশ্ব মেলেৰিয়া দিৱস পালন কৰা হয়। উক্ত সভাত দেৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবা খনো ৰাজহ গাঁৱৰ গাঁও প্ৰধান,পঞ্চায়তৰ সদস্য, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰী,সমাজ কল্যাণ বিভাগৰ মূখ্য সেৱিকা,খণ্ড আঁচনি প্ৰবন্ধক,স্বাস্থ্য প্ৰশিক্ষক, এ এন এম সকল, বহুমুখী স্বাস্থ্য কৰ্মী, ক্ষেত্ৰ কৰ্মী, ক্ষেত্ৰ পৰিদৰ্শক, আশা মূখ্য সেৱিকা, আশা কৰ্মী আৰু সমাজ সেৱক সকলো উপস্থিত থাকে।

সভাৰ অন্তত সকলোৰে সহযোগত দেৰগাঁও সাহায্যপ্ৰাপ্ত চিকিৎসালয়ৰ পৰা এটা সজাগতা মূলক পদযাত্ৰা উলিওৱা হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande