কামৰূপ মহানগৰ জিলাত বিশ্ব মেলেৰিয়া দিৱস পালন
গুৱাহাটী, ২৫ এপ্ৰিল (হি.স.)। সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ মহানগৰ জিলাতো আজি বিশ্ব মেলেৰিয়া দিৱস পালন কৰা হয়। সোনাপুৰৰ কমাৰকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই দিৱস আজি আনুষ্ঠানিকভাৱে পালন কৰা হয়। অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অৱসৰপ্ৰাপ
কামৰূপ মহানগৰ জিলাত বিশ্ব মেলেৰিয়া দিৱস পালন


গুৱাহাটী, ২৫ এপ্ৰিল (হি.স.)। সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ মহানগৰ জিলাতো আজি বিশ্ব মেলেৰিয়া দিৱস পালন কৰা হয়।

সোনাপুৰৰ কমাৰকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই দিৱস আজি আনুষ্ঠানিকভাৱে পালন কৰা হয়। অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অৱসৰপ্ৰাপ্ত সহকাৰী স্বাস্থ্য সেৱা সঞ্চালক ডাঃ কুমাৰেন্দ্ৰ নাথ, সোনাপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ মনোজ মজুমদাৰ, বিদ্যালয়ৰ অধ্যক্ষ শৰৎ বড়ো, জিলা মেলেৰিয়া বিষয়া মৃদুল তালুকদাৰ, বাহকজনিত ৰোগ নিয়ন্ত্ৰণ আঁচনিৰ জিলা পৰামৰ্শদাতা ড০ সুদৰ্শনা মহন্ত আৰু জিলা এপিডিমিয়লজিষ্ট (Epidemiologist) তৃষা কটকীৰ লগতে খণ্ড আৰু বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী, বিষয়বৱীয়া আৰু কৰ্মচাৰী সকল উপস্থিত থাকে।

এই দিৱসৰ লগত সংগতি ৰাখি মেলেৰিয়া প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ সম্পৰ্কে ছাত্ৰ-ছাত্ৰীসকলক সজাগ কৰাৰ উদ্দেশ্যে সজাগতা সভা, কুইজ প্ৰতিযোগিতা আৰু প্ৰবন্ধ লিখন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে, মহানগৰ জিলাৰ বহুকেইখন বিদ্যালয়ত বিদ্যাৰ্থীসকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী ৰূপায়নেৰে এই দিৱস পালন কৰা হয়। তদুপৰি, ITBN (Insecticide-Treated Bed Net) বিতৰণ শিবিৰ, জ্বৰ পৰীক্ষা (fever screening) আদি কাৰ্যসূচীও জিলাখনত সম্পন্ন হয়।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande