গোৱালপাৰাৰ গৰুপোৰাটাৰীত বজ্ৰপাত
গোৱালপাৰা, ২৫ এপ্ৰিল (হি.স.)। গোৱালপাৰা জিলাৰ মাটিয়া থানৰ অন্তৰ্গত গৰুপোৰাটাৰীত আজি এটা পৰিয়ালৰ বজ্ৰপাত হয় ।আজি দিনৰ ১০.৩০ বজাত ছাহজাহান আলী নামৰ লোকৰ ঘৰত বজ্ৰপাত পৰে । সোভাগ্যক্ৰমে পৰিয়ালৰ লোকৰ কোনো ক্ষয় ক্ষতি হোৱা নাই যদিও ঘৰ-দুৱাৰ, গছ-গছনি ৰ ব
গোৱালপাৰাৰ গৰুপোৰাটাৰীত বজ্ৰপাত


গোৱালপাৰা, ২৫ এপ্ৰিল (হি.স.)। গোৱালপাৰা জিলাৰ মাটিয়া থানৰ অন্তৰ্গত গৰুপোৰাটাৰীত আজি এটা পৰিয়ালৰ বজ্ৰপাত হয় ।আজি দিনৰ ১০.৩০ বজাত ছাহজাহান আলী নামৰ লোকৰ ঘৰত বজ্ৰপাত পৰে । সোভাগ্যক্ৰমে পৰিয়ালৰ লোকৰ কোনো ক্ষয় ক্ষতি হোৱা নাই যদিও ঘৰ-দুৱাৰ, গছ-গছনি ৰ বিস্তৰ ক্ষতি সাধন হয় ।

পৰিয়ালৰ লোক সকলেও অচেতন হৈ পৰিছিল যদিও কিছুপৰ পিছত চেতন ঘূৰাই আহে ।ছাহজাহান আলীৰ ভাষ্য অনুসৰি জানিব পৰা মতে বিদ্যুত মিটাৰ জলি যোৱাৰ ঘৰৰ চালৰৰ টিনপাত ফুটা হয় আৰু বিছনাত চাদৰত জুই লাগে। ঘৰৰ ভিতৰত সাহজাহান আলী আৰু তেওঁৰ পুত্ৰ আছিল বজ্ৰপাত পৰাৰ পিছত অচেতন হৈ পৰে ছাহজাহান আলী।লগে লগে পৰিয়ালৰ তৎপৰতাত ছাহজাহান আলী আৰু তেওঁৰ পুত্ৰ ৰক্ষা পৰে।লগতে ঘৰৰো ক্ষয়-ক্ষতি হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande