মৈৰাবাৰীত কেৰেলাৰ পৰা চুৰি হোৱা সোণৰ অলংকাৰ উদ্ধাৰ, ধৃত এক
মৈৰাবাৰীত কেৰেলাৰ পৰা চুৰি হোৱা সোণৰ অলংকাৰ উদ্ধাৰ এক
মৈৰাবাৰীত কেৰেলাৰ পৰা চুৰি হোৱা সোণৰ অলংকাৰ উদ্ধাৰ, ধৃত এক


মৰিগাঁও, ২৫ এপ্ৰিল (হি.স.): কেৰেলাৰ পৰা ৫০ লাখৰো অধিক মূল্যৰ চুৰি আ অলংকাৰ মৈৰাবাৰীত উদ্ধাৰ কৰা হৈছে। এই চুৰি কাণ্ডৰ ঘটনাত জড়িত এজন লোকক আৰক্ষীয়ে আটক কৰিছে। এই ঘটনাই সমগ্ৰ মৈৰাবাৰীত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি, ৰাকিবুল নামৰ এজন যুৱকে কেৰেলালৈ কামৰ সন্ধানত গৈছিল। তাত থকাৰ সময়তে এজন লোকৰ ঘৰত প্ৰৱেশ কৰি প্ৰায় ৫০ লাখ টকা মূল্যৰ সোণৰ অলংকাৰ চুৰি কৰে আৰু তাৰ পিছতেই মৈৰাবাৰীলৈ পলাই আহে।এই ঘটনা কেৰেলা আৰক্ষীয়ে গম পোৱাৰ পিছতে কেৰেলা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু গোপন তথ্যৰ ভিত্তিত এটা অভিযানকাৰী দল মৈৰাবাৰীলৈ আহে। মৈৰাবাৰী আৰক্ষীৰ সহায়ত চলোৱা যৌথ অভিযানত অৱশেষত অভিযুক্ত ৰাকিবুলক আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে ৰাকীবুলৰ বাসগৃহত তালাচী চলাই চুৰি হোৱা অধিকাংশ অলংকাৰো উদ্ধাৰ কৰে। বৰ্তমান অভিযুক্তজনক মৈৰাবাৰী আৰক্ষীৰ জিম্মাত ৰখা হৈছে আৰু ঘটনাটোৰ সৈতে জড়িত অধিক তথ্য উলিয়াবলৈ জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande