(আপডেট) শিৱসাগৰত নৈশ বাছ দুৰ্ঘটনা, কেইবাজনো যাত্ৰী আহত
শিৱসাগৰত নৈশ বাছ দুৰ্ঘটনা।
(আপডেট) শিৱসাগৰত নৈশ বাছ দুৰ্ঘটনা, কেইবাজনো যাত্ৰী আহত


শিৱসাগৰ, ২৫ এপ্ৰিল (হি.স.)। শিৱসাগৰত আজি পুৱতিনিশা নৈশ বাছ দুৰ্ঘটনা। দৰিকাপাৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ডিভাইডাৰত খুন্দা খাই বাগৰিল নৈশবাছ।

দুৰ্ঘটনাগ্ৰস্ত এ আৰ ১ ভি ৮২৫৫ নম্বৰৰ নৈশ বাছখনৰ নাম অনিৰুদ্ধ। জানিব পৰা অনুসৰি ঢেকিয়াজুলিৰ পৰা জাগুন অভিমুখে গৈ থকা অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত হয় বাছখন। দুৰ্ঘটনাটোত ৯ গৰাকী যাত্ৰী আহত হয়।

এগৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হোৱাত ডিব্ৰুগড়লৈ চিকিতসাৰ বাবে প্ৰেৰণ কৰা হৈছে। মুঠ ৩৩ গৰাকী যাত্ৰী আছিল নৈশ বাছখনত। আঘাতপ্ৰাপ্ত সকলৰ নাম ক্ৰমে হেমৰাজ শৰ্মা(৪৮), মিনা শৰ্মা (৩৮),ৰুহী শৰ্মা(১৫), অম্বিকা আচাৰ্যী (৪৬), লীলা আচাৰ্যী(৫৫), ৰেখা চহৰীয়া (৪৮),কল্পেন্দ্ৰ হাজৰিকা (৬৫), জোনালী বসুমতাৰী আৰু আছীক হুছেইন (১৮)।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande