মাকুম চহৰৰ মাজমজিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা
তিনিচুকীয়া, ২৫ এপ্ৰিল (হি.স.)। মাকুম চহৰৰ মাজমজিয়াত আজি ভয়ংকৰ পথ দুৰ্ঘটনা।অইল ইণ্ডিয়া লিমিটেডৰ ক্ৰেন বাহনে মহুতিয়ালে এখন যাত্ৰীবাহী অটো। তিনিচুকীয়া দিশৰ পৰা আহি থকা এ এছ ২৩ ডিচি ৩৫৯০ নম্বৰৰ এখন অটো লগতে একে দিশৰ পৰা আহি থকা এ এছ ০৬ এ চি ৯১১৮ নম্
মাকুম চহৰৰ মাজমজিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা


তিনিচুকীয়া, ২৫ এপ্ৰিল (হি.স.)। মাকুম চহৰৰ মাজমজিয়াত আজি ভয়ংকৰ পথ দুৰ্ঘটনা।অইল ইণ্ডিয়া লিমিটেডৰ ক্ৰেন বাহনে মহুতিয়ালে এখন যাত্ৰীবাহী অটো।

তিনিচুকীয়া দিশৰ পৰা আহি থকা এ এছ ২৩ ডিচি ৩৫৯০ নম্বৰৰ এখন অটো লগতে একে দিশৰ পৰা আহি থকা এ এছ ০৬ এ চি ৯১১৮ নম্বৰৰ অইল ইণ্ডিয়া লিমিটেডৰ ক্ৰেন বাহন খনে পাছফালৰ পৰা খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।অটো বাহন খনৰ চালক সহ এজন যাত্ৰী গুৰুতৰ ভাৱে আহত হোৱাত দুয়োজনকে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।অটো চালক জন বেতজান চাহ বাগিছাৰ অমৃত তাঁতী ইপিনে যাত্ৰী জনৰ পৰিচয় বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই।দুৰ্ঘটনা স্থলীত মাকুম আৰক্ষী উপস্থিত হৈ সম্পূৰ্ণৰূপে দুৰ্ঘটনাগ্ৰস্ত হোৱা অটো খনৰ লগতে ক্ৰেন বাহন খন থানালৈ বুলি লৈ যোৱা হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande